Breaking

অসমৰ দিব্যাংগ লোকসকলৰ বহু কেইটা সংগঠনৰ প্ৰতিনিধি সকলৰ সৈতে এক আলোচনাত মিলিত হয় মন্ত্ৰী পিয়ূষ হাজৰিকা …

0 25

জনতা ভৱনস্থিত কাৰ্য্যালয়ত অসমৰ দিব্যাংগ লোকসকলৰ বহু কেইটা সংগঠনৰ প্ৰতিনিধি সকলৰ সৈতে এক আলোচনাত মিলিত হয় মন্ত্ৰী পিয়ূষ হাজৰিকা। তেখেত সকলৰ বিভিন্ন অভাৱ অভিযোগ সন্দৰ্ভত বুজ লয়।

এই আলোচনাকালত চৰকাৰী চাকৰিৰ পৰীক্ষা সমূহত দিব্যাংগ লোক সকলৰ মাছুল ৰেহাই, চাকৰিৰ পৰীক্ষা সমূহত বিশেষভাৱে দৃষ্টিহীন লোকসকলে সন্মুখীন হোৱা অসুবিধা সমূহ ইত্যাদি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। ইয়াৰ লগতে প্ৰতিনিধি সকলে গুৱাহাটীত দিব্যাংগ লোক সকলৰ বাবে জিৰণী ঘৰ আৰু লুই ব্রেইলীৰ প্ৰতিমূৰ্তি স্থাপনৰ অনুৰোধ জনায়।

সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী হিচাপে তেওঁলোকৰ এই দাবী সমূহ পূৰণ কৰাৰ পূৰ্ণ প্ৰচেষ্টা হাতত লোৱা হব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰী পিয়ূষ হাজৰিকাই । সকলো সংগঠনকে একগোট হৈ দিব্যাংগ লোক সকলৰ কল্যাণৰ বাবে একেলগে কাম কৰিবলৈ আহ্বান জনায় মন্ত্ৰী পিয়ূষ হাজৰিকাই।

Leave A Reply