Breaking

গহপুৰ সমষ্টিৰ ব্ৰহ্মাজান নদীৰ পাৰত মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীয়ূষ হাজৰিকাৰ…

0 42

গহপুৰ সমষ্টিৰ ব্ৰহ্মাজান নদীৰ পাৰত মথাউৰি দুটা স্থানত খহাই অঞ্চলটো জলমগ্ন কৰিছিল। আজি এই মথাউৰি পৰিদৰ্শন কৰে আৰু বুজ লৈ মন্ত্ৰী পীয়ূষ হাজৰিকাই।

জিলা গ্ৰাম্য উন্নয়ন প্ৰাধিকৰণৰ দ্বাৰা নিৰ্মিত এই মথাউৰিটোৰ দুয়োপাৰে সৰ্বমুঠ ১২ কিলোমিটাৰ অংশত জলসম্পদ বিভাগে দায়িত্ব গ্ৰহণ কৰি ইতিমধ্যেই মথাউৰি নিৰ্মাণ কৰাইছিল আৰু এই মথাউৰিয়ে বান প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছিল।

আজি নদী খনে খহাই নিয়া অংশ পৰিদৰ্শন কৰি এই মথাউৰিৰ বাকী থকা অনিৰ্মিত দুয়োপাৰৰ সৰ্বমুঠ প্ৰায় ১২/১৪ কিলোমিটাৰ মান মথাউৰি নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
পৰিদৰ্শনৰ সময়ত স্থানীয় বিধায়ক উৎপল বৰা , অতিৰিক্ত জিলা আয়ুক্ত , আৰক্ষী অধীক্ষক আৰু জলসম্পদ বিভাগৰ বিষয়া সকল উপস্থিত থাকে।

Leave A Reply