Breaking

“কাৰ্গিল বিজয় দিৱস” উপলক্ষে দিঘলীপুখুৰীত আয়োজিত এক স্মৰণী অনুষ্ঠানত ভাগ লয় মন্ত্ৰী পিয়ুষ হাজৰিকাই….

0 63

দেশমাতৃৰ অখণ্ডতা, সুৰক্ষা তথা স্বাভিমান ৰক্ষাৰ বাবে নিজৰ জীৱন বলিদান কৰা প্ৰতিগৰাকী বীৰ শ্বহীদক “কাৰ্গিল বিজয় দিৱস” সশ্ৰদ্ধ প্ৰণাম জনাই আজি দিঘলীপুখুৰীত আয়োজিত এক স্মৰণী অনুষ্ঠানত ভাগ লয় মন্ত্ৰী পিয়ুষ হাজৰিকাই ।

কাৰ্গিল যুদ্ধত শ্বহীদ হোৱা অসম মাতৃৰ তিনি গৰাকী সন্তানৰ লগতে সমগ্ৰ দেশৰ প্ৰতি গৰাকী শ্বহীদকে তথা যুদ্ধত অংশগ্ৰহণ কৰা প্ৰতি গৰাকী বীৰ সৈনিকক শ্ৰদ্ধাৰে স্মৰণ মন্ত্ৰীগৰাকীৰ । লগতে কাৰ্গিল বিজয় দিৱসৰ শুভ কামনা জ্ঞাপন কৰে।

এই কাৰ্যসূচীত বীৰ মাতৃ খৰ্গশ্বৰী দেৱী ( বীৰ শ্বহীদ উদ্ধৱ দাসৰ মাতৃ), কাৰ্গিল যুদ্ধত নিজৰ বীৰত্ব প্ৰদৰ্শন কৰা অৱসৰ প্ৰাপ্ত কৰ্ণেল দি.কে. বৰা , সৈনিক ৱেলফেয়াৰ অসমৰ সঞ্চালক ব্ৰিগেদিয়াৰ জোশী নাৰায়ন দত্ত, প্ৰাক্তন সেনা বিষয়া আৰু জোৱানসকল, বৰ্তমান কৰ্মৰত সেনা বিষয়া আৰু জোৱান সকল তথা Lions Club ৰ বিষয়ববীয়া সকল উপস্থিত থাকে।

Leave A Reply