Breaking

মৰিগাঁৱত উপস্থিত মন্ত্ৰী পিযুষ হাজৰিকা শপত গ্ৰহণৰ পিছত প্ৰথম বাৰ গৃহ জিলাত জিলা প্ৰশাসনৰে বৈঠক মন্ত্ৰী পিয়ুষ হাজৰিকা|

0 2,146

শনিবাৰে মৰিগাঁৱত উপস্থিত কেবিনেট মন্ত্ৰী পিয়ুষ হাজৰিকা অসম চৰকাৰৰ এজন কেবিনেট মন্ত্ৰী হিছাপে দায়িত্ব লোৱা পিছত প্ৰথম বাৰৰ বাবে মৰিগাৱত উপস্থিত হয়।মৰিগাঁৱত উপস্থিত হৈয়ে জিলা খনৰ একমাত্ৰ নৱ নিযুক্ত  কেবিনেট মন্ত্ৰী গৰাকীয়ে মৰিগাঁও জিলা প্ৰশাসনৰ লগত এক আলোচনাত অংশ গ্ৰহণ কৰে।মৰিগাঁও উপায়ুক্ত কাৰ্য্যালয় সভা কক্ষত  অনিস্থিত এই আলোচনাত অংশ লয়  মৰিগাঁও সমষ্টি বিধায়ক ৰামাকান্ত ডেউৰী  লগতে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক । প্ৰশাসনৰ লগত আলোচনাৰ  পিছতেই নৱ নিযুক্ত  মন্ত্ৰী গৰাকী মৰিগাঁও অসামৰিক চিকিৎসালয় পৰ্ৰিদশন কৰে আৰু চিকিৎসালয় খনৰ চিকিৎসক আৰু সকলো স্বাস্থ্য কৰ্মীক যাতে   কভিডৰ বাবে যি বোৰ  দায়িত্ব সেই সমুহ নিয়াৰিকৈ পালন কৰে অন্যথা বিহিত ব্যৱস্থা লোৱা হৱ বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে।

Leave A Reply