Breaking

বান আৰু গৰাখহনীয়াৰ খবৰ লবলৈ তামুলপুৰত উপস্থিত মন্ত্ৰী পিযুষ হাজৰিকা

0 1,135

বান আৰু গৰাখহনীয়াৰ খবৰ লবলৈ আজি তামুলপুৰত উপস্থিত হয় মন্ত্ৰী পিযুষ হাজৰিকা। আজি আবেলি প্ৰায় দুইমান বজাত তামুলপুৰৰ দলংপাৰত উপস্থিত হৈ মটঙা নদীৰ খহনীয়াৰ কৱলত পৰা অঞ্চল সমূহ পৰিদৰ্শন কৰে ক্ষতিগ্ৰস্ত ৰাইজৰ লগত মত বিনিময় কৰে মন্ত্ৰী গৰাকীয়ে ৷ ভৰ বাৰিষাৰ আগে আগে শীঘ্ৰেই বিভাগীয় লোকক খহনীয়া ৰোধৰ বাবে ব্যৱস্থা লোৱাৰ নিৰ্দেশ মন্ত্ৰী গৰাকীৰ।


BTR অঞ্চলৰ বান-গৰাখহনীয়া ৰোধৰ বাবে অসম চৰকাৰৰ পৰা ১২১ কোটি আবন্তন দিয়াৰ কথা ঘোষনা মন্ত্ৰী হাজৰিকাৰ। মন্ত্ৰী গৰাকীয়ে তামুলপুৰৰ বৰখোপাতো গহনীয়া অঞ্চল পৰিদৰ্শন কৰে।

Leave A Reply