Breaking

তিনিদিনীয়া ভ্রমণসূচীৰে লাডাখত মন্ত্রী ৰাজনাথ সিং

0 2,015

প্রাক্তন সৈনিকক এক পদবী, এক পেন্সন প্রদান

তিনিদিনীয়া লাডাখ ভ্রমণসূচীৰে লেহত উপস্থিত হোৱা দেশৰ প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙে দেওবাৰে প্রাক্তন সেনা জোৱান তথা বিষয়াসকলক সম্বোধি উল্লেখ কৰে যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে তেওঁৰ প্রতিশ্রুতি ৰক্ষা কৰিছে৷সশস্ত্র বাহিনীৰ প্রাক্তন বিষয়া তথা জোৱানসকলক এক পদবী এক পেন্সনৰ যি প্রতিশ্রুতি প্রধানমন্ত্রী মোদীয়ে প্রদান কৰিছিল তাক বাস্তৱায়িত কৰা বুলি ৰাজনাথ সিঙে উল্লেখ কৰিছে৷চাকৰিৰ অৱসৰৰ পিছত সেনা বিষয়া তথা জোৱানসকলক পুনৰ সংস্থাপিত কৰাটো অতি জটিল সমস্যা হিচাপে দেখা দিছে বুলিও উল্লেখ কৰে মন্ত্রীগৰাকীয়ে৷ অৱশ্যে এতিয়ালৈকে বহু অৱসৰপ্রাপ্ত সেনা জোৱানক বিভিন্ন চাকৰিত যোগদানৰ সুযোগ চৰকাৰে দিয়া বুলি ঘোষণা কৰে মন্ত্রী ৰাজনাথ সিঙে৷ ৰাজনাথ সিঙৰ এই লাডাখ ভ্রমণসূচীত বিভিন্ন গুৰুত্বপূর্ণ বিষয় আলোচনাৰ মাজলৈ অহাৰ সম্ভাৱনা আছে৷

Leave A Reply