Breaking

ৰঙিয়াত ভবেশ কলিতাৰহৈ মন্ত্ৰী সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ

0 2,045

অহা পহিলা এপ্ৰিলত অনুষ্ঠিত হʼবলগীয়া দ্বীতিয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে শুকুৰবাৰে ৰঙিয়াৰ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হয় বিজেপিৰ এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভা । মঙ্গলদৈ লোকসভাৰ সমষ্টিৰ সাংসদ দিলীপ শইকীয়াসহ হেলিকাপ্টাৰযোগে পোনেপোনে চিপাঝাৰৰ পৰা আহি  উপস্থিত হয় ৰঙিয়াত । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওৰ ভাষণত কংগ্ৰেছ নেতৃত্বাধীন মহাযোটক অপশক্তি বুলি কৈ তীব্ৰ সমালোচনা কৰে,ইয়াৰোপৰী আগন্তুক দিনত দহলাখ নিবনুৱাক সংস্থাপন দিয়াৰ কথা ঘোষণা কৰে । আনহাতে ৰঙিয়া সমষ্টিৰ ৰাইজক মন্ত্ৰী ভবেশ কলিতাক ডেৰলাখ ভোটত জয়ী কৰাব লাগিব বুলি কৈ প্ৰতিশ্ৰুতি আদায় কৰে । ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে উন্নয়ন, শান্তি-প্ৰগতিৰ বাবে বিজেপিক ভোট দিবলৈ আহ্বান জনায় । উক্ত সভাত ৰাজ্য সভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা, মন্ত্ৰী ভৱেশ কলিতা, গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ পবিত্ৰ বড়ো, জিলা সভাপতি নন্দন তালুকদাৰ, ব্লক, মণ্ডল, বুথ, মৰ্চা, দলীয় কাৰ্য্যকর্তা সকলৰ লগতে অসংখ্যা লোক উপস্থিত থাকে । মুখ্যমন্ত্ৰীক কাষত পাই উৎফুল্লিত হোৱা ভবেশ কলিতাই আজি পুনৰ তেৱেই একলাখ ভোট পাই জয়ী হʼব বুলি সদম্ভে ঘোষণা কৰে । ৫৭নং ৰঙিয়া সমষ্টিৰ অন্তৰ্গত গোৰেশ্বৰত অনুষ্ঠিত মহাজোঁটৰ সভাত বৃন্দা কাৰাটে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰিচিল,ইয়াৰ প্ৰত্যুত্বৰত কি কাৰাট বুলি তাচ্ছিল্য কৰি কয় যে ৰঙিয়াত কাৰাট ফাৰাট নচলে ৰঙিয়াত কেৱল কলিতা, আহমেদ, শৰ্মা, বড়ো, ৰাভা ইত্যাদি চলে বুলি কয় ।

Leave A Reply