Breaking

মৰাণত মন্ত্ৰী যোগেন মহনৰ বিস্ফোৰণ ! “লোকসভা নিৰ্বাচনত ১২খন আসন লাভ কৰিবলৈ সক্ষম হব বিজেপিয়ে”…

0 54


“লোকসভা নিৰ্বাচনত ১২খন আসন লাভ কৰিবলৈ সক্ষম হব বিজেপিয়ে। বিৰোধী দলৰ নেতা সকলে ৰাইজৰ সুখ দুখৰ লগত লগ হোৱা নাই কেৱল মাত্ৰ উচতনি মুলক বক্তব্যহে দিছে আৰু টি ভি, পেপাৰত প্ৰেছ মিট দি ভোট পাম বুলি যদি ভাবিছে তেন্তে আকাশত চাং পতাৰ কথা ভাবিছে” কামাখ্যা প্ৰসাদ তাছা।ডিব্ৰুগড় জিলাৰ মৰাণৰ প’ল’ ফিল্ডত কালিৰে পৰা অনুষ্ঠিত হৈছে মৰাণ চেম্পিয়ন প্ৰিমিয়াৰ লিগ। এই খেলখনৰ শুভউদ্বোধন কৰে মন্ত্ৰী যোগেন মহনে। হাতত বেটে লৈ যদিও তিনিটা বলত যদিও ছিক্স মাৰিব নোৱাৰিলে তথাপিও কিন্তু আগন্তুক নিৰ্বাচনত বিজেপিৰ হৈ হেটট্ৰিক মাৰিব বুলি জানিব দিয়ে।

লগতে বিজেপিক প্ৰতিহত কৰিবলৈ বিৰোধী একত্ৰিত হোৱাক লৈও কটুসমালোচনা কৰে মন্ত্ৰী যোগেন মহনে। মন্ত্ৰী মহনে কয় যে বিৰোধী যিমান একলগ হলেও একো ৰিজাল্ট আনিব নোৱাৰে। আনহাতে কাৰ সন্দৰ্ভতো মন্ত্ৰী গৰাকীয়ে কয় যে, ৰিৰোধীয়ে কা’ ৰ পুৰণি কেছেট খন বজাই নিৰ্বাচনী পাৰ কৰিম বুলি ভাবিছে। তেওলোকৰ কোনো ইছ্যু নাই। লগতে একে অনুস্থানত খেল উপভোগ কৰিবলৈ উপস্থিত হয় ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা।

সাংসদ কামাখ্যা প্ৰসাদ তাছাই নিৰ্বাচনৰ সন্দৰ্ভত কয় যে লোকসভা নিৰ্বাচনত ১২খন আসন লাভ কৰিবলৈ সক্ষম হব বিজেপিয়ে। বিৰোধী দলৰ নেতা সকলে ৰাইজৰ সুখ দুখৰ লগত লগ হোৱা নাই কেৱল মাত্ৰ উচতনি মুলক বক্তব্যহে দিছে আৰু টি ভি, পেপাৰত প্ৰেছ মিট দি ভোট পাম বুলি যদি ভাবিছে তেন্তে আকাশত চাং পতাৰ কথা ভাবিছে বুলি বিৰোধীক সমালোচনা কৰে তাছাই

Leave A Reply