Breaking

টিংখাঙত মন্ত্ৰী বিমল বড়া, অশোক সিংঘালসহ তিনি বিধায়কে কৃষকৰ সৈতে জুতি ল’লে ৰবাব টেঙাৰ

0 100

টিংখাঙৰ অত্যন্ত ভিতৰুৱা গ্ৰামাঞ্চল দিহিং পাৰৰ কৃষি ভূমি পৰিদৰ্শন কৰিলে দুই মন্ত্ৰী ক্ৰমে জলসিঞ্চন মন্ত্ৰী অশোক সিংঘাল আৰু উদ্যোগ মন্ত্ৰী বিমল বড়াই। এই দুই মন্ত্ৰীক সংগ দিলে তিনি বিধায়ক ক্ৰমে তৰংগ গগৈ, তেৰচ গোৱালা আৰু চক্ৰ গগৈয়ে।

প্ৰথমে খোৱাং অঞ্চলৰ বুঢ়ীদিহিং নদীৰ বোৱতী জলসিঞ্চন প্ৰকল্প আৰু টিংখাঙৰ কলৌলোৱা অঞ্চলৰ বুঢ়ীদিহিং নদীৰ বোৱতী জলসিঞ্চন প্ৰকল্প পৰিদৰ্শন কৰাৰ পাছতেই টিংখাং সমষ্টিৰ “দিহিংচাং বহুমুখী সমবায় সমিতি লিমিটেড”ৰ উদ্যোগত কলৌলোৱা সোণোৱাল গাঁও কৃষক সকলৰ কৃষি ভুমি পৰিদৰ্শন কৰি কৃষক ৰাইজৰ সৈতে মত বিনিময় কৰে অসম চৰকাৰৰ গৃহ নিৰ্মাণ,নগৰ পৰিক্ৰমা আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংঘালে।

মন্ত্ৰীগৰাকীয়ে কৃষকসকলৰ সুবিধা হোৱাকৈ পানী যোগান ধৰা হ’ব বুলি কোৱাৰ লগতে কৃষকসকলেও এই ক্ষেত্ৰত আগ্ৰহী হ’ব লাগিব বুলি কৈ বৰ্তমান পূৰ্বতকৈ কৃষকসকল আগ্ৰহী হৈছে বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে। মন্ত্ৰী গৰাকীয়ে কৃষি কাৰ্যৰ স্থলীতে ৰাইজৰ সৈতে ৰৰাব টেঙাৰ জুতি লোৱা দেখা গ’ল ৷


উল্লেখ্য যে টিংখাং সমষ্টিৰ কেইবাটাও স্থানত উদ্যোগ মন্ত্ৰী বিমল বড়াৰ উদ্যোগত পৰীক্ষামূলকভাৱে বহু পৰিমাণে আলু খেতি কৰা হৈছে। আৰু এই সমূহ আলু Pepsico Holdings Pvt. Ldt. নামৰ কোম্পানীলৈ পোনপটীয়াকৈ প্ৰেৰণ কৰা হ’ব । এই আলুৰ পৰা চিপচ নিৰ্মাণ কৰা হ’ব বুলি সদৰী কৰে মন্ত্ৰী বিমল বড়াই। এই কাৰ্য সফল হলে পৰৱৰ্তী সময়ত ইয়াৰ পৰিসৰ বৃদ্ধি কৰা হ’ব বুলি কয় মন্ত্ৰীগৰাকীয়ে ৷

প্ৰতিবেদক-মনোজ সিং , টিংখাং

Leave A Reply