Breaking

সুলভ মূল্যৰ দোকানত দুস্কৃতিকাৰিৰ অগ্নি সংযোগ।প্ৰশাসনক অতিশীঘ্ৰে দুস্কৃতিকাৰিক গেপ্তাৰৰ দাবী স্থানীয় ৰাইজৰ

0 2,049

ওদালগুৰি জিলাৰ হৰিশিঙা আৰক্ষী থানাৰ অন্তৰ্গত হাতিগড় চাহ বাগিচাত  অসম চৰকাৰৰ অধীনত থকা চাহমজদুৰ সমবাই সমিতি লিমিটেড ৰ বিতাৰক পুস্পা দিগাল স্নামী মৃত চলমন দিগালৰ নিজৰ  দোকান ঘৰ কোনো দুস্কৃতিকাৰিযে  জ্বলাই দিয়ে। ঘটনাত প্ৰকাশিত য়ে, পুস্পা দিগালৰ বাসগৃহৰ পৰা প্ৰায় এক ফালং দুৰত অবস্থিত দোকান ঘৰটোত পাঁচ  মে তাৰিখে মাজ নিশা প্ৰায় এক মান বজাত দোকান ঘৰৰ নিকতবৰ্তী লোকে খবৰ দিয়ে যে তেওঁ লোকৰ সুলভ মূল্যৰ দোকানত জ্বই লাগে। তেওঁ লোকে খবৰ পোৱা লগে-লগে দোকানত উপস্থিত হৈ কৃৎবিমূৎ হৈ পৰে । দোকানৰ ওচৰৰ বহু লোকে বহু সময় কষ্ট কৰি জুই নিবাৰ্পিত কৰে। সুলফ মুল্যৰ দোকান খনত  এই মাহৰ দুখীয়া লোক সকলক বিতাৰন কৰিব অনা প্ৰায় পোন্ধৰ/ সোল্ল কুইন্টল চাউল খোৱাৰ অনুপযোগী হয়। উক্ত ঘটনাক স্থানীয় লোক সকলে কোনো দুস্কৃতিকাৰিযে পেট্ৰল জাতীয় সামগ্ৰীৰে জুই লগাই দিয়াৰ সন্দেহ কৰি ঘটনা দুখ প্ৰকাশ  কৰি তীব্ৰ গৰিহনা দি জিলা প্ৰশাসনক অতিশীঘ্ৰে দুস্কৃতিকাৰিক গ্ৰেপ্টাৰ  দাবী জনায়। পিছ দিনা ছয় মে তাৰিখে পুস্পা দিগালে হৰিশিঙা আৰক্ষী  থানাত এজাহাৰ দাখিল কৰে। হৰিশিঙাৰ আৰক্ষী লোক উপস্থিত হৈ দূস্কৃতিকাৰিক কাৰায়ক্ত কৰাৰ বাবে তদন্ত আৰম্ভ কৰে। 

Leave A Reply