Breaking

মুছলপুৰত পুখুৰীত বিহ ঢালি মাছ নিধন দুৰ্বৃত্তৰ

0 2,054

স্বনিৰ্ভৰশীল হোৱাৰ উদ্দেশ্য আগত ৰাখি মৎস্য পালনৰ পথ বাচি লোৱা বাক্সা জিলাৰ এগৰাকী যুৱকৰ পুখুৰীত দুৰ্বৃত্তই বিহ ঢালি মাছ নিধন কৰা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিব পৰামতে জিলাখনৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত অদালবাৰীৰ শিক্ষিত যুৱক ৰাতুল শৰ্মাই চৰকাৰী চাকৰিৰ আশা বাদ দি নিজৰ মাটিত পুখুৰী খান্দি মৎস পালনেৰে বাচি লৈছিল স্বাৱলম্বিতাৰ পথ ৷ ৰৌ, আঁৰি, ভকুৱা, কমনকাৰ্প, গ্ৰাছকাৰ্প আদিকে ধৰি বিভিন্ন জাতৰ থলুৱা মাছৰ পোনা পুখুৰীত মেলি দিয়াৰ পিছত এতিয়া সেই পোনাবোৰ প্ৰায় এক-ডেৰ কেজি ওজনলৈকে ডাঙৰ হৈ পৰাত সঞ্চাৰ হৈছিল লাভৰ আশা ৷ কিন্তু, দুর্ভাগ্যজনকভাৱে কালি নিশা কোনো অচিনাক্ত দুর্বৃত্তই পুখুৰীটোত বিহ ঢালি দিয়ে৷ যাৰ ফলত আজি পুৱাৰ ভাগত ভাহি উঠে হাজাৰ হাজাৰ বিভিন্ন প্রজাতিৰ মাছ৷ বিহ সেৱনৰ ফলত লগে লগে মৃত্যু হয় লক্ষাধিক টকা মূল্যৰ মাছৰ ৷ দিনে-ৰাতিয়ে প্ৰতিপালন কৰি ডাঙৰ কৰা মাছবোৰ আজি পুখুৰীত ৰাতিপুৱা চাবলৈ গৈ সকলো মাছ মৃত অৱস্থাত ওপঙি থকা দেখি হতভম্ব হৈ পৰাৰ লগতে কান্দোনত ভাগি পৰে মৎসপালক ৰাতুল শৰ্মা ৷ কোনো দুষ্ট লোকে পুখুৰীত বিহ দি মাছ নিধন কৰা বুলি সন্দেহ ব্যক্ত কৰে মৎসপালক ৰাতুল শৰ্মাই ৷ অঞ্চলটোৰ সচেতন মহলে দোষীক চিনাক্ত কৰি শীঘ্রে কৰায়ত্ত কৰিবলৈ দাবী জনাইছে ৷

Leave A Reply