Breaking

মুছলপুৰৰ ৰাজপথত পিষ্টল দেখুৱাই ধন লুট দুৰ্বৃত্তৰ

0 2,078

পুনৰ ডকাইতি কাণ্ড সংঘটিত হৈছে বাক্সা জিলাৰ বৰমা-নিকাছী গড়কাপ্তানি পথত। জানিব পৰা মতে, বাক্সা জিলাৰ মুছলপুৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত খাৰুজানত আজি দিন দুপৰতে সংঘটিত এক ডকাইতিৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰামতে চ’লামেণ্ডালাম ফাইনেন্স নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৰ গোপেশ্বৰ কলিতা নামৰ এজেন্ট গৰাকীয়ে মুছলপুৰৰ অদালবাৰীৰ পৰা টকা সংগ্ৰহ কৰি নলবাৰীৰ কাৰ্যালয়লৈ বাইকেৰে আহি আছিল৷ তেনেতে দিনৰ প্ৰায় ডেৰ মান বজাত খাৰুৱজানৰ টেক্সটাইল পাৰ্কৰ দলঙৰ ওপৰত এখন বাইকত অহা দুই দুৰ্বৃত্তই কলিতাক আগুচি ধৰি পিষ্টল দেখুৱাই লুট কৰি নিয়ে অৰ্ধ লক্ষাধিক টকা ৷ প্ৰাণৰ মমতাত গোপেশ্বৰ কলিতাই দলঙৰ পৰা জাঁপ মাৰি প্ৰাণ ৰক্ষা কৰে যদিও কলিতাৰ বেগত থকা বিত্তীয় প্ৰতিষ্ঠানটোৰ সংগ্ৰহীত প্ৰায় ৬০ হাজাৰ টকা দুৰ্বৃত্তৰ দলটোৱে লুটি লৈ যায় ৷ ঘটনাৰ খবৰ পাই বাক্সা জিলাৰ উপ আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি কলিতা, মুছলপুৰ আৰু বৰমা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াদ্বয়ে ততালিকে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে যদিও বাতৰি লিখা পৰলৈকে দুৰ্বৃত্তক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখ্য যে বাক্সা জিলাৰ বৰমা-নিকাছি গড়কাপ্তানি পথত বিগত সময়তো কেবাবাৰো বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ এজেন্টৰ পৰা এইদৰে দুৰ্বৃত্তই ধন কাঢ়ি লৈ যোৱা ঘটনা সংঘটিত হৈ আহিছে যদিও আজিলৈকে এজনো দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে।

Leave A Reply