Breaking

তিনি মিচিং জাতীয় সংগঠনৰ উদ্যোগত গোগামুখত মিচিঙৰ গাম সন্মিলন বাঃতাক সমাৰোহ…

0 145

মিচিং জাতীয় সংগঠন টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ ধেমাজি জিলা সমিতিসমূহৰ  উদ্যোগত আজি গোগামুুুখত মিচিং বাঃনৗ কৗবাঙে মিচিং গাঁৱত নিযুক্তি দিয়া মিচিংসকলৰ গাম সন্মিলন আৰু টি এম পি কে, এম এম কে, টি এম এম কেৰ বাঃতাক বা গাঁও সমিতিসমূহৰ সমাৰোহ  ধেমাজি জিলা ভিত্তিত অনুষ্ঠিত হৈ যায় ৷ ধেমাজি জিলাৰ গোগামুখ চিলিমপুৰস্থিত আবতানি লত্তাত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত  হোৱা উক্ত গাম সন্মিলন আৰু বাঃতাক সমাৰোহখনত উদ্দেশ্য ব্যখ্যা কৰে টি এম পি কেৰ ধেমাজি জিলা সমিতিৰ সম্পাদক সনাতন দলেয়ে ৷ সভাপতিত্ব কৰে টি এম পি কেৰ ধেমাজি জিলা সমিতিৰ সভাপতি ৰোহিত নৰহ, টি এম এম কেৰ সভানেত্ৰী জ্যোতিৰেখা মিচং আৰু এম এম কেৰ সভাপতি মুনিন্দ্ৰ দলেয়ে ৷ অনুষ্ঠানটো উদ্বোধন কৰে টি এম পি কেৰ কেন্দ্ৰীয় সভাপতি তিলক দলেয়ে ৷

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মিচিং বাঃনৗ কৗবাঙৰ কেন্দ্ৰীয় সভাপতি পৰমানন্দ চায়েঙ্গীয়াই কয়- সমাজত গাঁও পাতি বসবাস কৰাটো মিচিং সমাজৰ পুৰণিকলীয়া দস্তুৰ ৷ অতীজৰে পৰা  মিচিং সমাজৰ শিক্ষা, অৰ্থনীতি, সাহিত্য-সংস্কৃতি, সামাজিক ৰীতি-নীতি গাঁও কেন্দ্ৰীক ৷ আমাৰ পুৰণি মিচিং গাঁওসমূহত আত্মনিৰ্ভৰশীল অৰ্থনীতি আছিল ৷ শস্যে-মৎসে নদন-বদন আছিল ৷ সামাজিক শৃংখলা গামসকলে নিয়ন্ত্ৰণ কৰিছিল ৷ কিন্তু মিচিং সমাজত ক্ৰমশঃ গাঁৱৰ পূৰ্বৰ স্বকীয়তা নোহোৱা হৈ আহিছে ৷ সামাজিক অশান্তি বৃদ্ধি পাইছে ৷ অৰ্থনৈতিক অস্থিৰতাই দেখা দিছে ৷ সামাজিক ৰীতি-নীতিৰ ক্ষেত্ৰত শিতিলতা আহি পৰিছে ৷ স্বকীয় ধৰ্মীয় সংস্কৃতিত বহিঃৰাগত ধৰ্মই  অক্টোপাছৰ দৰে মেৰিয়াই ধৰিছে ৷  আলি আঃয়ৗ লৃগাং, দদ্‌গাং, দবুৰ আৰু আন সকাম-নিকামৰ নামত মেলামুখী প্ৰৱনতাই তীব্ৰ গতিত গা কৰি উঠিছে ৷  এনে পৰিপ্ৰেক্ষিততে মিচিং জাতীয় সংগঠনসমূহে ধেমাজি জিলাত দ্বিতীয়বাৰৰ বাবে গাম সন্মিলন আৰু বাঃতাক সমাৰোহ আয়োজন কৰিছে আৰু গাঁওসমূহ শৃংখলাবদ্ধ কৰিবলৈ কৰ্মসূচী তৈয়াৰ কৰিছে ৷ ভাষণ প্ৰসংগত তেওঁ কয়- শিক্ষা-সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰতো গাঁৱৰ গামসকল আৰু বাঃতাক কমিটিৰ সদস্যসকল দিনে-নিশাই কাম কৰিব লাগিব ৷ মদ, ভাং, ড্ৰাগছ্‌ বা তেনে নিচা জাতীয় সামগ্ৰী জুৱাৰ ঘাটিসমূহ মিচিং গাঁৱত নিষিদ্ধ কৰা হ‘ব ৷ গাঁৱৰ সৰু-সুৰা দণ্ড-কাজিয়া বা পাৰিবাৰিক সংঘাতবোৰ গামৰ জৰিয়তে মীমাংসাৰ ব্যৱস্থা কৰা হ’ব বুলি তেওঁ দোহৰাৰ লগতে মিচিং সমাজক সুন্দৰ, প্ৰগতিশীল এখন সমাজলৈ পৰিণত কৰা হ’ব বুলি তেওঁ ঘোষণা কৰে ৷ অনুষ্ঠানত উপস্থিত থাকি মিচিং বাঃনৗ কৗবাঙৰ কেন্দ্ৰীয় সচিব ৰাজু মেদকে দোহাৰে যে, মিচিং সমাজ এনেকুৱা এটা সমাজ যি বাৰমাহে উৎসৱ-পাৰ্বন, সকাম-নিকামতে অত্যাধিক সময় ব্যয় কৰে ৷ ভোজন বিলাসিতা মিচিং মানুহৰ বাবে এক নিয়মত পৰিণত হৈছে ৷ দদ্‌গাং, উৰম, দবুৰ আৰু আন সকাম-নিকামৰ আধ্যাত্মিক দিশটো বাদ দি কেৱল ভোজনৰ বাবে মিচিং সমাজে এইবোৰ পালন কৰা আৰম্ভ কৰিছে ৷  দদ্‌গাং বা আদ্যশ্ৰাদ্ধ পালনৰ নামত নিজৰ সমস্ত পৈতৃক সম্পত্তি উচন কৰি চিৰকাললৈ  দৰিদ্ৰতাৰ চৰম সীমালৈ বহু মিচিং মানুহে নিজকে ঠেলি দিছে  ৷ বহু মিচিং মানুহে দদ্‌গাঙত বহুকেইটা গাহৰি মাৰি হাজাৰ-বিজাৰ মানুহক দদ্‌গাঙলৈ নিমন্ত্ৰণ কৰি উদৰ পুৰাই খোৱাব পৰাটো প্ৰতিযোগিতা হিচাপে গ্ৰহণ কৰিছে ৷

ফলত মিচিং গাঁৱৰ অৰ্থনৈতিক পৰিকাঠামো একেবাৰে নিঃশেষ হৈ গৈছে ৷ শান্তি বিয়া, বৰ বিয়া, জন্মদিনৰ নামত অযথা কোটি কোটি টকা খৰচ কৰাৰ লগতে এইবোৰৰ নাম এসপ্তাহ, দহ দিনলৈ উচ্চ স্তৰৰ মাইক বা শব্দ বজাই গাঁৱৰ শান্ত পৰিৱেশ অশান্ত কৰি তুলিছে ৷ সময় থাকোঁতে যদি আমি এইবোৰ পুলিয়ে-পুখাই উঘালি নিদিওঁ তেন্তে মিচিং সমাজখন সমাজ হৈ নাথাকিব বুলি তেওঁ দোহাৰে ৷ অনুষ্ঠানত মিচিং মিমাগ কৗবাঙৰ কেন্দ্ৰীয় সম্পাদক পুৰুষোত্তম দলেয়ে সাম্প্ৰতিক পৰিবৰ্তিত পৰিস্থিতিৰ লগত খাপ খোৱাকৈ আমি আগবাঢ়িব লাগে যদিও নিজৰ ঐতিহ্য-পৰম্পৰা, ধৰ্মীয় সংস্কৃতিত আঘাতসনা কাম কৰিব নালাগে ৷ মিচিঙৰ নিজস্ব ধৰ্মীয় সংস্কৃতি আছে যদিও বহু মিচিং মানুহ খ্ৰীষ্টিয়ান ধৰ্মলৈ ধৰ্মান্তৰিত হৈছে ৷ আমাৰ কোনো জাতিৰ বা ব্যক্তিৰ ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ দৃষ্টতা  নাই ৷ কিন্তু মিচিং মানুহে যি হাৰত ধৰ্মান্তৰিত হৈ গৈ আছে এই হাৰত গৈ থাকিলে মিচিং সমাজখনৰ কৃষ্টি-সংস্কৃতি, ভাষা-সাহিত্য লোপ পাবলৈ বেছি সময় নালাগিব ৷

আমাৰ সকলোৰে আত্মসংশোধনৰ সময় সমাগত বুলি তেওঁ দোহাৰে ৷ অনুষ্ঠানত উপস্থিত থাকি ভাষণ প্ৰদান কৰে টি এম পি কেৰ কেন্দ্ৰীয় উপসভাপতি টুনিৰাম পাংগিং, সম্পাদক ছান কুমাৰ পাংগিং, টি এম এম কেৰ সভানেত্ৰী শৰ্মিলা পেগু, টি এম পি কেৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক হৰিচন্দ্ৰ কামান আদিয়ে ৷ অনুষ্ঠানত উপস্থিত থাকে টি এম পি কেৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক ক্ষীৰোধ কুটুম, কেন্দ্ৰীয় সদস্য ৰূপজ্যোতি দলে, ৰাস্না চুংক্ৰাং, সঞ্জীৱ মিলি, সাংস্কৃতিক সম্পাদক সঞ্জীৱ দলে, এম এম কেৰ কেন্দ্ৰীয় সদস্য ৰাজু পেগু, বানীকান্ত দলে, ৰজনী পেগু আদিয়ে ৷ উল্লেখযোগ্য যে, উক্ত গাম সন্মিলন আৰু বাঃতাক সন্মিলনত টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ ধেমাজি জিলা সমিতিৰ ১৮৬ খন বাঃতাক সমিতিৰ দুই সহস্ৰাধিক কৰ্মকৰ্তা, ১৮৬ খন গাঁৱৰ ১৮৬ গৰাকী গাম উপস্থিত থাকে ৷ সভাত প্ৰতিখন বাঃতাক কমিটিৰ আৰু প্ৰতিগৰাকী গামৰ লগত পোনপটীয়াকৈ প্ৰশ্নোত্তৰৰ মুখামুখি হৈ মিচিং জাতীয় সংগঠনসমূহৰ কেন্দ্ৰীয় নেতৃত্ববৃন্দই ৷ 

Leave A Reply