Breaking

মিচিং স্বায়ত্তশাসিত পৰিষদৰ উন্নত জাতৰ কুকুৰা পালন কেন্দ্ৰ সম্পূৰ্ণ হোৱাৰ পথত

0 1,679

মিচিং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা আৰু পৰিষদৰ পৰা আৱন্টিত পূঁজিৰে পৰিষদৰ গোগামুখ চেতিয়া গাঁও স্হিত গ্ৰাম্য জীৱিকা সমল কেন্দ্ৰত আৰম্ভ কৰা উক্ত উন্নত জাতৰ কুকুৰা উৎপাদন কেন্দ্ৰ উদ্বোধন কৰাৰ লগতে উন্নত মানৰ ‘কামৰূপা’ কুকুৰা উৎপাদন কেন্দ্ৰটোত মুকলি কৰা হয় ৷ অত্যাধুনিক পদ্ধতিৰে উৎপাদন কৰিব লগা কেন্দ্ৰটো মুকলি কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে ৷

কুকুৰা পালনৰ বাবে ব্যৱহাৰ কৰিবলগা অত্যাধুনিক ইনকুবেটৰছ যন্ত্ৰ মুকলি কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ ছায়েঙ্গীয়াই ৷ ইনকুবেটৰছ মুকলি পৰমানন্দ ছায়েঙ্গীয়াই কুকুৰা পালনৰ নতুন আঁচনিখনক লৈ খুউবেই আশাবাদী বুলি মতপ্ৰকাশ কৰে ৷ তেওঁ কয়- উন্নত জাতৰ ‘কামৰূপা’ কুকুৰা গুৱাহাটী খানাপাৰস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ পৰা অনা হৈছে ৷ প্ৰথম পৰ্যায়ত ৫০০ টা কুকুৰা অনা হৈছে আৰু ইয়াৰ পৰা প্ৰতি তিনি সপ্তাহত ১ হাজাৰ কুকুৰা উৎপাদন হোৱাৰ সমান্তৰালভাৱে কণী উৎপাদন হ’ব ৷ এইবোৰ আমি কেৱল প্ৰশিক্ষণপ্ৰাপ্ত হিতাধিকাৰীক বিক্ৰী কৰিম ৷ হিতাধিকাৰী সকলে ‘কামৰূপা’ কুকুৰা ভালদৰে পোহপাল দিলে ইয়াৰ পৰা কম দিনৰ ভিতৰতে স্বাৱলম্বী হ’ব পাৰিব বুলি তেওঁ দোহাৰে ৷

মুখ্য কাৰ্যবাহী সদস্য ছায়েঙ্গীয়াই জনোৱামতে মিচিং স্বায়ত্তশাসিত পৰিষদৰ গ্ৰাম্য জীৱিকা সমল কেন্দ্ৰ হৈছে বহুমুখী পশুপালন আৰু মীন পালনৰ প্ৰকল্প ৷ এই প্ৰকল্পৰ জৰিয়তে হাজাৰ হাজাৰ নিৱনুৱা যুৱক-যুৱতীক অনাগত দিনত সংস্হাপন দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলিও অৱগত কৰে ৷ উল্লেখনীয় যে, গোগামুখ চেতিয়া গাঁওস্হিত গ্ৰাম্য জীৱিকা সমল কেন্দ্ৰত অত্যাধুনিক এখনি অতিথিশালা, যুৱক-যুৱতী সকলৰ দক্ষতা বিকাশৰ প্ৰশিক্ষণৰ বাবে কেইবা কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি আছে বৃহৎ আকাৰৰ আৰ চি চি পকীগৃহ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পথত আগবাঢ়িছে ৷

একেদৰে যুৱক-যুৱতী সকলৰ আবাসৰ বাবে আন এটা আৰ চি চি গৃহৰ নিৰ্মাণ পৰিষদৰ গ্ৰাম্য জীৱিকা সমল কেন্দ্ৰত দ্ৰুুতগতিত চলি আছে ৷ অনুষ্ঠানটোত উপস্থিত থাকে পৰিষদৰ কাৰ্যবাহী সদস্য পুৰুষোত্তম দলে, ইন্দিৰা কুম্বাং, দেবৰঞ্জন মৰাং, সাধাৰণ সদস্য ৰাজু পেগু, বিউটি পেগু, লাবন্য মিলি, টি এম পি কেৰ ধেমাজি জিলা সমিতিৰ সভাপতি হৰিচন্দ্ৰ কামান আদিয়ে ৷

Leave A Reply