Breaking

নেপালৰ অন্নপূৰ্ণা পৰ্বতত সংকটজনক অৱস্থাত জীৱিত ভাবে উদ্ধাৰ নিৰুদ্দেশ ভাৰতীয় পৰ্বতাৰোহী অনুৰাগ মালু

0 56

নেপালৰ অন্নপূৰ্ণা পৰ্বতৰ গভীৰ ফাটত পৰি সোমবাৰে নিৰুদ্দেশ হোৱা ভাৰতীয় পৰ্বতাৰোহী অনুৰাগ মালুক উদ্ধাৰকাৰীয়ে সংকটজনক অৱস্থাত জীৱিত অৱস্থাত উদ্ধাৰ কৰিছে বুলি তেওঁৰ ভাতৃয়ে বৃহস্পতিবাৰে প্ৰকাশ কৰে।

ৰাজস্থানৰ কিশনগড়ৰ বাসিন্দা ৩৪ বছৰীয়া মিষ্টাৰ মালু তৃতীয় কেম্পৰ পৰা নামি অহাৰ সময়ত প্ৰায় ৬ হাজাৰ মিটাৰৰ পৰা পৰি সোমবাৰে নিৰুদ্দেশ হয়। উল্লেখ্য যে অন্নপূৰ্ণা পৰ্বত বিশ্বৰ দশম সৰ্বোচ্চ পৰ্বত।

“তেওঁক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে। তেওঁক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হৈছে, তেওঁ এতিয়াও জীয়াই আছে।”- ভাতৃ সুধিৰে কয়।

৮,০০০ মিটাৰৰ ওপৰৰ ১৪টা শৃংগ আৰু সাতখন মহাদেশৰ সাতটা সৰ্বোচ্চ বিন্দু বগাই সজাগতা সৃষ্টি আৰু ৰাষ্ট্ৰসংঘৰ গ্ল’বেল লক্ষ্যত উপনীত হোৱাৰ দিশত পদক্ষেপ গ্ৰহণৰ অভিযানত নামিছে মিষ্টাৰ মালু।

তেওঁ REX কৰম- বীৰ চক্ৰৰে সন্মানিত হোৱাৰ লগতে ভাৰতৰ পৰা ২০৪১ চনত এন্টাৰ্কটিকাৰ যুৱ ৰাষ্ট্ৰদূত হিচাপে পৰিগণিত হৈছে।

Leave A Reply