Breaking

মান্দাকাটা সাতগাঁওত সন্ধানহীন ক্ষুদ্ৰ ব্যৱসায়ী

0 541

কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত মান্দাকাটা গাঁও পঞ্চায়তৰ সাতগাঁওৰ এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী তিনি দিন ধৰি সন্ধানহীন হৈ থকা ঘটনাই অঞ্চটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । পৰিয়ালৰলোকে জনোৱা অনুসৰি দুই সন্তানৰ পিতৃ দিলনুৰ আলীয়ে (৪৭)  আনদিনাৰ দৰে ২৩ জুলাই দিনাও ব্যৱসায়ী সামৰি ঘৰলৈ আহি নিশা ভাত খোৱাৰ পিছত নিশা প্ৰায় ১২ বজাত পত্নী টোপনী গৈ থকা অৱস্থাত শোৱা বিচনাৰ পৰাই সন্ধানহীন হৈ আছে  । পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰে যদিও কোনো সন্ধান পোৱা নাই দিলনুৰ আলীৰ । আজি বাইহাটা চাৰিআলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে   পৰিয়ালৰ লোকে।

Leave A Reply