Breaking

যুৱতীক সকীয়াই দিলে মিঞা খলিফাই, কি পৰামৰ্শ আগবঢ়াইছে মিঞা খলিফাই…

0 289

মিয়া খলিফা এগৰাকী লেবানন-আমেৰিকান প্ৰাক্তন প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ তাৰকা। সেই পৃথিৱীৰ পৰা বিদায় লোৱাৰ পিছতো বহুতে এই ক্ষেত্ৰখনৰ বিষয়ে তেওঁৰ মতামত বা দৃষ্টিভংগী জানিব বিচাৰে। শেহতীয়াকৈ প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰিবলৈ আগ্ৰহী যুৱতীসকলক কিছু পৰামৰ্শ আগবঢ়াইছে মিঞা খলিফাই।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ২০১৪ চনত মাত্ৰ তিনিমাহৰ ভিতৰতে মিয়া খলিফাই ১১টা প্ৰাপ্তবয়স্ক ভিডিঅ’ত অভিনয় কৰিছিল। ছয় বছৰ হ’ল তেওঁ উদ্যোগটো এৰি যোৱা। নগদ ধন উপাৰ্জনৰ দ্ৰুত আহিলা হিচাপে পৰ্ণ ছবিত অভিনয় নকৰিবলৈ পৰামৰ্শ দিয়ে মিঞাই। কাৰণ তেওঁৰ মতে পৰ্ণৰ অভিজ্ঞতাই তেওঁলোকক গোটেই জীৱন মানসিক যন্ত্ৰণা দিব। ভাৰতীয় সংবাদ মাধ্যমৰ ৰিপাব্লিক ৱৰ্ল্ডৰ প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে।

ছয় বছৰতকৈও অধিক পূৰ্বে পৰ্ণ উদ্যোগৰ পৰা অৱসৰ লোৱাৰ পিছতো প্ৰাপ্তবয়স্ক ৱেবছাইটত মিয়া খলিফা এতিয়াও অতি জনপ্ৰিয়। পৰ্ণ ছবিত অভিনয় কৰি মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলোৱাৰ কথা প্ৰকাশ কৰিছে ২৭ বছৰীয়া তাৰকাগৰাকীয়ে। শেহতীয়াকৈ শ্বেয়াৰ কৰা এটা চুটি টিকটক ভিডিঅ’ত দেখা গৈছে মিঞাই নিজৰ এপাৰ্টমেণ্টত গাউন পিন্ধা। সেই সময়ত বেকগ্ৰাউণ্ডত সংগীত বাজি আছিল।

মিয়া খলিফাই সেই ভিডিঅ’টোত কৈছিল যে তেওঁ সেই উদ্যোগটোত মাত্ৰ তিনিমাহহে কাম কৰিছিল। কিন্তু লাখ লাখ মানুহে তেওঁক মনত পেলাইছে। তেতিয়া তেওঁৰ বয়স আছিল ২১ বছৰ। আৰু সেইবোৰ তেওঁৰ বাবে অস্বস্তিকৰ। মিঞাই লগতে কয় যে যেতিয়া এজন টিকটক ব্যৱহাৰকাৰীয়ে তেওঁক অধিক টকা উপাৰ্জন কৰাৰ বাবে ঠাট্টা কৰিছিল, তেতিয়া ই একেবাৰেই ধেমেলীয়া নাছিল।

জনপ্ৰিয় হোৱাৰ পিছতো তেওঁ সেই সময়ৰ ভিডিঅ’ৰ পৰা মাত্ৰ ৫ ডলাৰহে উপাৰ্জন কৰিছিল, আৰু পৰ্ণ এৰি যোৱাৰ পিছত সেই ভিডিঅ’বোৰৰ পৰা তেওঁ কোনো ধন নাপালে। মিয়াই সংবাদ মাধ্যমক জনোৱা মতে, তেওঁ ভিডিঅ’সমূহ আঁতৰাবলৈ চেষ্টা কৰাত ব্যৰ্থ হয়। মিয়াক প্ৰায়ে তেওঁৰ সামাজিক হেণ্ডেলত বিভিন্ন সজাগতা পোষ্ট দিয়া দেখা যায়।

মিয়া খালিফা

বিভিন্ন ৱেবছাইট অনুসৰি মিয়া খলিফাৰ সম্পত্তিৰ মুঠ মূল্য প্ৰায় ২০ লাখ মাৰ্কিন ডলাৰ। বৰ্তমান তেওঁ ক্ৰীড়া অনুৰাগী আৰু ইণ্টাৰনেট তাৰকা হিচাপে পৰিচিত। চলিত বৰ্ষৰ আৰম্ভণিতে মিয়া খলিফায়ে তেওঁৰ প্ৰেমিক ৰবাৰ্ট ছেণ্ডবাৰ্গৰ সৈতে সমতা স্থাপন কৰিছিল।

Leave A Reply