বিগত প্ৰায় পোন্ধৰ দিন ধৰি ৰাজ্যখনত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ লগতে ইয়াৰ উপনৈ সমূহৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত সমগ্ৰ ৰাজ্যখনৰ লগতে শিৱসাগৰ জিলাখনৰো বিভিন্ন অঞ্চল বানত প্লাৱিত হৈ পৰিছে। এই বানৰ প্ৰকোপৰ ফলত ইতিমধ্যে গৃহহাৰা হৈছে শ শ পৰিয়াল। পোহনীয়া জীৱজন্তুৰ লগতে বন্যাক্ৰান্তেয়ও একেলগে মথাউৰি আদিত থাকিব লগীয়াত পৰিছে। এক দুৰ্বিষহ জীৱন অতিবাহিত কৰিব লগীয়াত পৰিছে।শিৱসাগৰ জিলাৰ ১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ নৈপৰীয়া জনসাধাৰণৰ এই একেই অৱস্থা। সমষ্টিটোৰ নৈপৰীয়া অঞ্চল দিচাংমুখ গাঁও পঞ্চায়তৰ বানত আক্ৰান্ত লোকৰ আজি সমস্যাৰ বুজ লয় সমষ্টিটোৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। আজি পুৱাৰ ভাগতে বিধায়ক গৰাকীয়ে দিচামুখৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰে।সংবাদ মাধ্যমৰ আগত সভাপতি গৰাকীয়ে উল্লেখ কৰে যে সম্প্ৰতি বিধানসভা সমষ্টিটোৰ অন্তৰ্গত বহু অঞ্চল বানত আক্ৰান্ত হোৱাৰ লগতে ১০ খন গাঁৱত খাদ্য যোগান ধৰাৰ পৰিৱেশৰ সৃষ্টি হৈছে। ইতিমধ্যে বানত আক্ৰান্ত হোৱা এই গাঁও সমূহলৈ প্ৰশাসনৰ তৰফৰ পৰা খাদ্য যোগান ধৰিবৰ বাবে শিৱসাগৰ জিলা উপায়ুক্তৰ লগতে চক্ৰ বিষয়াক নিৰ্দেশ দিয়াৰ ফলশ্ৰুতিত কালিৰেই পৰা সংস্লিষ্ট গাঁও সমূহৰ বানাক্ৰান্তক খাদ্য যোগান ধৰাৰ ব্যৱস্থা শিৱসাগৰ জিলা প্ৰশাসেন আৰম্ভ কৰিছে বুলি বিধায়ক গৰাকীয়ে উল্লেখ কৰে।

ইয়াৰ লগতে বিধায়ক গৰাকীয়ে কয় যে, ইতিমধ্যে বানত আক্ৰান্ত হৈ খাদ্য সংকটত পৰা দিচাংমুখ গাঁও পঞ্চায়তৰ ৮ খন গাঁও আৰু শান্তিপুৰ গাঁও পঞ্চায়তৰ ২ খন গাঁৱত খাদ্যযোগান ধৰিব লগীয়া হৈছে। এই প্ৰত্যেকখন গাঁৱৰ বানপীড়িতৰ কাষলৈ যোৱাৰ চেষ্টা কৰা হৈছে। যাতে বানত আক্ৰান্ত প্ৰতিটো পৰিয়ালে খাদ্য সামগ্ৰী লাভ কৰিবলৈ সক্ষম হয় ইয়াৰ ওপৰত গুৰুত্ব দিয়া হৈছে।বতৰ্মান ৰাইজৰ দলৰ কৰ্মী সকলে বানপীড়িতৰ কাষত থিয় দি সমস্যাৰ বুজ লৈছে। ইতিমধ্যে দিচামুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত লিগিৰিবাৰী এন.চি, (বাহিৰ লিগিৰিবাৰী-টিযংৰবস্তী-জাহাজঘাট), অফলা এন.চি,, আলিছিগা, জগৰাহাবী, মামল গড়ভগা, চৰাইপৰা, বলমা আদি গাঁৱৰ লগতে শান্তিপুৰ গাঁও পঞ্চায়তৰ ফুকনফদীয়া আৰু গোৱালগাঁও সৰাগুৰিত খাদ্য সামগ্ৰী যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে বুলি বিধায়ক অখিল গগৈয়ে জানিবলৈ দিয়ে।

