Breaking

মানকাচৰৰ বানবিধ্বস্থ অঞ্চল পৰিদৰ্শন কৰে বিধায়ক আমিনুল ইচলাম

0 1,105

মেঘালয়ৰ প্ৰৱল বাঢ়নী পানীৰ স্ৰোতে তাণ্ডৱ সৃষ্টি কৰা মানকাচৰৰ ঠাকুৰাণবাড়ী গাঁৱ পঞ্চায়ত এলাকাৰ বিভিন্ন ক্ষতিগ্ৰস্ত গাঁৱত আজি পুৱা বিধায়ক আমিনুল ইচলাম আৰু মানকাচৰ চক্ৰ বিষয়া জ্ঞানজ্যেতি দত্তই পিড়িত ৰাইজৰ খা- খবৰ লবলৈ উপস্থিত হয়। বিধায়ক আমিনুল ইচলামে অস্থায়ী শিৱিৰ পৰিদৰ্শন কৰি বানপিড়িত ৰাইজৰ সমস্যাৰ বুজ লয় আৰু অস্থায়ী শিৱিৰৰ বেয়াকৈ ক্ষতিগ্ৰস্থ পৰিয়ালক আৰ্থিক সকাহ দিয়ে।

ৰাইজৰ পৰা সমস্যাসমুহ শুনি ,ইয়াক কেনেকৈ প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা সমাধান কৰা যাব, এই বিষয়ে ৰাইজৰ আগত বিধায়কজনে মত ব্যক্ত কৰে।

Leave A Reply