Breaking

বিধায়ক ভৱেন্দ্ৰনাথ ভঁৰালীক সম্বধৰ্না সদৌ অসম এনৰেগা কৰ্মচাৰী উন্নয়ণ পৰিষদৰ

0 2,234

 নিউজ ডেস্ক: দেৰগাঁও বিধানসভা সমষ্টিৰ জনপ্ৰিয় বিধায়ক তথা তিনিবাৰৰ অগপৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভড়ালীক গোলাঘাট জিলাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ ঠিকাভিত্তি সদৌ অসম এনৰেগা কৰ্মচাৰী উন্নয়ণ পৰিষদৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে। সংগঠনটোৰ হৈ গোলাঘাট জিলাৰ কাৰ্য্যকৰি সভাপতি তথা কাকডোঙা উন্নয়ন খণ্ডৰ ঠিকাভিত্তি কৰ্মচাৰীৰ ইউনিয়নৰ সভাপতি নৱজ্যোতি বৰা, কাকডোঙা উন্নয়ন খণ্ডৰ ঠিকাভিত্তি কৰ্মচাৰীৰ ইউনিয়নৰ সম্পাদক ভাস্কৰ দাস, বিষয় ববীয়া বিজয় শৰ্মা, নয়ন জ্যোতি দাস উপস্থিত থাকে। বিধায়ক ভৱেন্দ্ৰ নাথ ভড়ালীয়ে সংগঠনটোৰ সম্বৰ্ধনা গ্ৰহণ কৰি কয় যে-কাকডোঙা উন্নয়ণ খণ্ডৰ ঠিকাভিত্তি এনৰেগা কৰ্মচাৰী সকলক দাবী সমুহ চৰকাৰ দৃষ্টিগোচৰ কৰাৰ লগতে এজন জন প্ৰতিনিধি হিছাপে তেঁওলোকৰ সমস্যা সমুহ যথাযোগ্য স্থানত তথ্যসহ দাঙি ধৰাৰো আশ্বাস দিয়ে”। বিধায়ক ভৱেন্দ্ৰ নাথ ভড়ালীক গোলাঘাট জিলাৰ কাৰ্যকৰী সভাপতি তথা কাকডোঙা উন্নয়ণ খণ্ডৰ ঠিকাভিত্তি কৰ্মচাৰী ইউনিয়নৰ সভাপতি নৱজ্যোতি বৰাই তেঁওলোকৰ সমস্যা সমুহৰ ওপৰত গুৰুত্ব দিয়া বাবে বিধায়ক জনক ধন্যবাদ জ্ঞাপন কৰে।

Leave A Reply