Breaking

মুখ্যমন্ত্ৰীৰ দীর্ঘায়ু কামনাৰে দহহাজাৰ এগছি বন্তি প্ৰজ্বলন বিধায়ক দিগন্ত কলিতাৰ…

0 20

কমলপুৰৰ বিহদিয়াত বিকাশ যাত্ৰাত উপস্থিত হ’ব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ দীর্ঘায়ু কামনাৰে কমলপুৰত ৰাইজৰ সহযোগত দহহাজাৰ এগছি বন্তি প্ৰজ্বলন বিধায়ক দিগন্ত কলিতাৰ। কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ বিহদিয়া ৰাস খলাত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিকাশ যাত্ৰাত উপস্থিত থাকিব।


কামৰূপ জিলাৰ সমূহ বিকাশমূলক কামৰ খতিয়ান দাঙি ধৰাৰ লগতে আৰু বহু কেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী গৰাকীক আদৰৰ প্ৰস্তুতি কৰাৰ লগতে সমূহ দলীয়কৰ্মী সকলৰ উপস্থিতত কালি কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই দহহাজাৰ এগছি বন্তি প্ৰজ্বলন কৰে। কমলপুৰ সমষ্টিৰ বিধায়কগৰাকীয়ে বন্তি প্ৰজ্বলন কৰি মুখ্যমন্ত্ৰী গৰাকীৰ দীৰ্ঘায়ু কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।

Leave A Reply