Breaking

ছিপাঝাৰৰ দুই নিঠৰুৱা কণমানিৰ ওচৰত বিধায়ক ডঃ পৰমানন্দ ৰাজবংশী

0 9,892

ছিপাঝাৰৰ গোৱালঝাৰত মৰ্মান্তিক ঘটনা।যি ঘটনাই হৃদয়বান প্ৰত্যক গৰাকী লোকৰ চকুলো বোৱাইছে।দুগৰাকী কণমানি শিশু। নাম জ্যোতিষ্মান শৰ্মা আৰু কৰিশ্মা দেৱী।ষষ্ঠ শ্ৰেণীত অধ্যয়নত জ্যোতিষ্মানৰ বয়স বাৰ বছৰ। আনহাতে দ্বিতীয় শ্ৰেণীত অধ্যয়নত কৰিশ্মাৰ বয়স আঠ বছৰ।পখিলা খেদাৰ বয়সতে মিস্ত্ৰীৰ কাম কৰি কিবা কৰি পৰিয়ালৰ পোহপাল দি থকা পিতৃ পৱন চন্দ্ৰ শৰ্মাৰ মধুমেহ ৰোগীত আক্ৰান্ত হৈ ২০১৮ চনত মৃত্যু হয়।যাৰ পিছত দুই সন্তানক সৰুৰে পৰাই মাক চন্দ্ৰকান্ত দেৱীয়ে আনৰ ঘৰত কাম কৰি, খুজি ভাগি কিবা কৰি বুকুৰ কুটুম দুই সন্তানক এসাঁজ খুৱাই দুসাঁজ লঘোনে থৈ হ’লেও এক যন্ত্ৰণাময় অৱস্থাৰ মাজত দিন-ৰাতি,মাহ -বছৰ পাৰ কৰিছিল।

চন্দ্ৰমা দেৱীয়ে দুই সন্তানক লৈ দেখিছিল ৰঙীণ সপোন।যাৰ বাবে নীৰৱে সকলোবোৰ দুখ কষ্ট সহ্য কৰি গৈছিল।যি কথাবোৰ সন্তানক কোনো কাৰণতে দিয়া নাছিল জানিব। পিছে বিধিৰ কি বিপাক।যোৱা ২৬ মাৰ্চত জ্যোতিষ্মান-কৰিশ্মাৰ বুকু শুধা কৰি মাক চন্দ্ৰমা দেৱীয়ে ইহ সংসাৰৰ পৰা চিৰদিনলৈ বিদায় মাগিলে।লগে লগে মা-মা, আমাক কিয় অকলে এৰি থৈ গলা বুলি দুই সন্তানে হিয়া ঢাকুৰি কান্দি চকুৰে নৈ বোৱাই দিছিল।দুই নিঠৰুৱা কণমানিৰ কান্দোনত উপস্থিত সকলোৰে হিয়া থান-বান হৈ পৰিছিল।পিছে উপায়ে বা কি আছে। অকালতে পিতৃ-মাতৃক হেৰুৱাই নিঠৰুৱা হৈ পৰি চকুৰে ধুৱলি-কুৱলি দেখাই নহয় দিকবিদিক হেৰুৱাই পেলোৱা কণমানি দুটাৰ আহ্বান মুখ্যমন্ত্ৰী মহোদয় আমাৰ ঘৰ নাই, আমাৰ গেছ নাই, খাবলৈ চাউল নাই, বিল দিব সামৰ্থ নোহোৱাৰ বাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিয়াৰ পাছত বিজুলী যোগান নাই।আমি দুটা অকলে কাৰ লগত থাকিম, কি কৰিম, কলৈ যায়।আমাক আপুনি সহায় কৰক।

মুখ্যমন্ত্ৰীলৈ কৰা হৃদয় বিধায়ক আবেদনৰ পিছত দৈনন্দিন বাৰ্তাত কালিৰ সংখ্যা কাকতত প্ৰথম পৃষ্ঠাতে ফটোসহ প্ৰকাশিত হোৱাৰ পিছত ছিপাঝাৰৰ বিধায়ক ডঃ পৰমানন্দ ৰাজবংশী দুই নিঠৰুৱা কণমানিৰ ওচৰত উপস্থিত হৈ শিশু দুটাৰ ভৱিষ্যতৰ চিন্তা তেওঁ কৰাৰ কথা দোহাৰাৰ লগতে চৰকাৰী ভাবে সকলোখিনি সহায় সাহায্য কৰিব বুলি প্ৰকাশ কৰে। আনহাতে এগৰাকী হৃদয়বান চকু চিকিৎসকেও দুয়ো কণমানিৰ ভৱিষ্যতৰ দায়িত্ব ল’বলৈ ইচ্ছা প্ৰকাশ কৰা বুলি প্ৰকাশ। ইফালে ছিপাঝাৰৰ এটা সংগঠনে গেছ প্ৰদান কৰিব বুলি জানিব পৰা গৈছে। সংযোগ বিচ্ছিন্ন কৰা বিজুলী যোগানো পুনৰ সংযোগ দিয়া হ’ব বুলি প্ৰকাশ। জানিব পৰা মতে অহা কালি আবেলি ছিপাঝাৰ মণ্ডল বিজেপিয়ে দুই ঘাটমাউৰা কণমানিক কিছু সাহায্য আগবঢ়াব বুলি মণ্ডল বিজেপিৰ সভাপতি দীপক কুমাৰ নাথে জানিব দিয়ে। 

Leave A Reply