Breaking

নলবাৰী বাহঁজানীত পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মবাৰ্ষিকী পালন কৰিলে বিধায়ক জয়ন্ত মল্ল বৰুৱাই

0 1,228

 একাত্ম মানৱতাবাদ আৰু অন্ত্যোদয়ৰ প্ৰণেতা, মহান ৰাষ্ট্ৰবাদী তথা কুশল সংগঠক পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মবাৰ্ষিকী  । এই মহান ব্যক্তি গৰাকীৰ জন্মবাৰ্ষিকী উপলক্ষে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ নিৰ্দেশ অনুসৰি আজি ৰাজ্যৰ প্ৰতিটো বুথত তেখেতৰ জন্মদিন উদযাপন কাৰ্যসূচী পালন কৰা হয় । সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰী জিলাতো পালন কৰা হৈছে পণ্ডিত দীন দয়াল উপাধ্যায়ৰ জন্মবাৰ্ষিকী  । সেইমৰ্মে নলবাৰী সমষ্টিৰ ৮ নং পঞ্চায়তৰ অন্তৰ্গত ২৩৬ নং বুথত অনুষ্ঠিত কৰা অনুষ্ঠানত নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই নিজা বুথত উপস্থিত থাকি মহান ৰাষ্ট্ৰবাদী তথা কুশল সংগঠক পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মবাৰ্ষিকী পালন কৰাৰ লগতে অনুষ্ঠানটোত  উপস্থিত ৰাইজক বিধায়ক গৰাকীয়ে সম্বোধন জনাই । একাত্ম মানৱতাবাদ আৰু অন্ত্যোদয়ৰ প্ৰণেতা, মহান ৰাষ্ট্ৰবাদী তথা কুশল সংগঠক পণ্ডিত দীনদয়াল উপাধ্যায়ৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ জনসংঘৰ দিনৰে পৰা ভাৰতীয় জনতা পাৰ্টি দলটোৱে এক ৰাষ্ট্ৰবাদী আদৰ্শৰে দেশ সেৱাৰ হকে কাম কৰি আহিছে বুলি মন্তব্য প্ৰকাশ কৰে বিধায়ক জয়ন্ত মল্ল বৰুৱাই  । উল্লেখ্য যে, আলোক মল্ল বুজৰবৰুৱাই আঁত ধৰা এই অনুষ্ঠানটোত ভাৰতীয় জনতা পাৰ্টি পূব নলবাৰী মণ্ডলৰ সভাপতি প্ৰতুল কলিতা, বুথ সভাপতি নিভাৰাণী কলিতা সহ প্ৰমুখ্যে বুথৰ আন আন কাৰ্যকৰ্তা সকল উপস্থিত থাকে ।

Leave A Reply