ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দলগাঁৱতো বানে ধাৰণ কৰিছে ভয়াৱহ ৰূপ৷দলগাঁৱৰ বিধায়ক মজিবুৰ ৰহমানে পৰিদৰ্শন কৰে বানপীড়িত অঞ্চলসমূহ। বছৰটোৰ দ্বিতীয়টো বানত বুৰ গৈছে ৰাজ্যৰ ভিন্ন প্ৰান্ত৷ দলগাঁৱতো বানে লৈছে ভয়াবহ ৰূপ৷ শুকুৰবাৰে দলগাঁৱৰ কৌপাটী, শিলবৰী, খাৰুপেটীয়া, লালপুল আদি বানপীড়িত অঞ্চল পৰিদৰ্শন কৰে বিধায়ক মজিবুৰ ৰহমানে।


যোৱা কেইবাদিনৰ পৰা দলগাঁৱৰ কাষেৰে বৈ যোৱা ধনশ্ৰী নৈৰ জলপৃষ্ঠ বঢ়াৰ ফলত নৈপৰীয়া বিভিন্ন অঞ্চল জলমগ্ন হৈ পৰিছে কেইবাখনো গাঁও ধনশ্ৰী নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে । সেইসমূহ অঞ্চল পৰিদৰ্শন কৰিছে বিধায়ক গৰাকীয়ে ৷বানাক্ৰান্ত লোকৰ বাবে বৰ্তমানলৈকে প্ৰশাসনৰ ফালৰ পৰা উদ্ধাৰ অভিযান কৰা হৈছে আৰু আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰা লগতে কেইবাও আশ্ৰয় শিৱিৰ স্থাপন কৰা হৈছে। বান পৰিস্থিতিৰ বুজ লৈ বিধায়কে শিৱিৰত থকা লোকসকলৰ যাতে খাদ্য সামগ্ৰীৰ লগতে কোনো স্বাস্থ্যজনিত অসুবিধাত নপৰে তাৰ বাবে পৰ্যাপ্ত ঔষধৰ যোগান ধৰা হ’ব বুলি উল্লেখ কৰে ।

