Breaking

ধুবুৰী বিধানসভা সমষ্টিৰ গাঁৱে গাঁৱে গৈ ৰাইজৰ কাষত উপস্থিত হৈ বিভিন্ন সমস্যাৰ বুজ লয় বিধায়ক নজৰুল হকে

0 52

২৩ নং ধুবুৰী বিধানসভা সমষ্টিৰ বিভিন্ন ঠাইৰ বিভিন্ন গাঁৱে গাঁৱে গৈ ৰাইজৰ কাষত উপস্থিত হৈ বিভিন্ন সমস্যাৰ
বুজ লয় বিধায়ক নজৰুল হকে। দৰাচলতে সমষ্টি খনৰ দূৰাহাটি গাঁও পঞ্চায়ত আৰু বিন্নাছাৰা গাঁও পঞ্চায়তৰ লগতে ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী অঞ্চল ভোগডহৰ গাঁও পঞ্চায়তত উপস্থিত হৈ ৰাইজৰ লগত বিভিন্ন সমস্যা সন্দৰ্ভত মতবিনিময় কৰে, ইয়াৰ পাছত বিন্নাছাৰা গাঁও পঞ্চায়তৰ ভালাডবা অঞ্চলত এ আই ইউ ডি এফ দলৰ এখন সভা অনুষ্ঠিত হয়, অনুষ্ঠিত সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিধায়ক গৰাকীয়ে, অৱশ্যে বিধায়ক গৰাকীক স্থানীয় ৰাইজে ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই , তাৰ পাছত বিধায়ক নজৰুল হকক অঞ্চলটোৰ যাতায়তৰ ক্ষেত্ৰত অচল হৈ পৰা বাট পথৰ মেৰামতিৰ বাবে দাবী জনায় স্থানীয় ৰাইজে ।


উল্লেখ যে, স্থানীয় ৰাইজৰ এনে সমস্যাৰ প্ৰতি সহাৰি জনাই অতি শীঘ্ৰেই এই সকল সমস্যা সমাধান কৰাৰ বাবে
আশ্বাস প্ৰধান কৰে বিধায়ক নজৰুল হকে, ইয়াৰ উপৰিও বিধায়ক গৰাকীয়ে উল্লেখ কৰি কয় যে কংগ্ৰেছ আৰু বিজেপি দলে এ আই ইউ ডি এফ দলক যিমানেই সমালোচনা নকৰক কিয় আগন্তুক পঞ্চায়ত নিৰ্বাচনত ধুবুৰীৰ বিধানসভা সমষ্টিৰ প্ৰায় প্ৰতিটো গাঁও পঞ্চায়তত এ আই ইউ ডি এফ দলৰ দখলত আহিব বুলি মন্তব্য কৰে ধুবুৰীৰ বিধায়ক নজৰুল হকে । অৱশ্যে চহৰাঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ লোক সকলক বিভিন্ন সময়ত সহায় কৰি আহিছে বুলি বিধায়ক নজৰুল হকে সৎ আৰু এজন ভাল মানুহ বুলি চহৰাঞ্চলৰ ৰাইজে জানিবলৈ দিয়ে।

Leave A Reply