Breaking

ক্ৰিকেটাৰৰ ৰুপত বিধায়ক পদ্ম হাজৰিকা।মৰনাকুৰি জ্ঞানজোতি সংঘৰ উদোগত দিবা নৈশ ক্ৰিকেট প্ৰতিযোগিতা

0 51

শনিবাৰে নিশা হাতত বেট আৰু বল লৈ এজন ক্ৰিকেটাৰৰ ৰুপত দেখা গল চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক৷ কিছুসময়ৰ বাবে ক্ৰিজত থাকি এফালৰ পৰা তেওঁ কোবাই গল কেবাটাও বল ৷ আনকি এজন দুৰ্দান্ত বেটছমেনৰ দৰে বহুসময় ক্ৰিজত নিজৰ বিৰত্তও প্ৰদৰ্শন কৰিলে ৷ এজন অলৰাউন্দাৰৰ দৰে ইয়াৰ পিছতে তেওঁ হাতত তুলি ললে বল৷ নিজৰ দুহাতেৰে ক্ৰিকেট ফিল্ডত স্প্ৰীঙৰ যাদু দেখুৱাই আচৰিত কৰি তুলিলে ক্ৰিকেটপ্ৰেমীক ৷ শনিবাৰে নিশা এনেদৰেই এজন অলৰাউণ্ডাৰৰ ৰুপত দেখা গল বিধায়ক পদ্ম হাজৰিকাক ৷ জামুগুৰিহাটৰ ঐতিহাসিক মৰনাকুৰি গাৱঁত তিনিদিনীয়াকৈ আৰম্ভ হোৱা দিবা নৈশ ক্ৰিকেট প্ৰতিযোগীতাখনি উদ্বোধন কৰি কিছু সময়ৰ বাবে এজন অলৰাউণ্ডাৰ ক্ৰিকেটাৰৰ ৰুপত অবতীৰ্ণ হল বিধায়ক পদ্ম হাজৰিকা ৷ কিছুসময়ৰ বাবে ৰাজনীতিৰ পৰা আতৰি থাকি বিধায়ক গৰাকী হাহি ফুৰ্টিৰে মচগুল হৈ পৰিল ক্ৰিকেটৰ মাজত ৷

উল্লেখ্য যে জামুগুৰিহাটৰ ঐতিহাসিক মৰনাকুৰি গাৱত একেলেঠাৰীয়ে প্ৰায় বিশ বছৰ ধৰি অনুষ্ঠিত কৰি আহিছে এখনি টেনিছ বল ক্ৰিকেট প্ৰতিযোগীতা। মৰনাকুৰি জ্ঞানজোতি সংঘই অনুষ্ঠিত কৰা এই প্ৰতিযোগীতা খনি শনিবাৰে শুভাৰম্ভ হয় ৷ তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই দিবা নৈশ খেলখনিত জিলাখনৰ ভিন্ন প্ৰান্তৰ প্ৰায় অৰ্ধশতাধিক দলে অংশগ্ৰহণ কৰে ৷ মনকৰিবলগীয়া যে খেলখনি উদ্বোধনৰ পূৰ্বে বিধায়ক গৰাকীয়ে কন্যাকা বহুমুখী পামৰ নামত জ্ঞানজোতি সংঘই উলিওৱা এটি ভিদিঅ বুটাম টিপি মুকলি কৰে ৷ স্মৰনযোগ্য যে কন্যাকাৰ সহযোগত মৰনাকুৰি জ্ঞানজোতি সংঘই এই খেলখনি অনুষ্ঠিত কৰিছে ৷


জামুগুৰিহাটৰ পৰা জোন বৰা প্ৰতিবেদন

Leave A Reply