Breaking

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত বিধায়ক পদ্ম হাজৰিকাৰ শোক ; তৰুণ গগৈৰ মৃত্যু ৰাজ্যবাসীৰ বাবে অপুৰণীয় ক্ষতি : ৰাণা প্ৰতাপ বৰুৱা

0 1,440

জামুগুৰিহাট,২৪ নৱেম্বৰ : ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, বৰ্ষীয়ান ৰাজনীতিবিদ তৰুণ গগৈৰ মৃত্যুত সমগ্ৰ ৰাজ্যবাসী শোকস্তব্ধ হৈ পৰাৰ দৰেই গভীৰ শোক প্ৰকাশ কৰিছে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ লগতে জামুগুৰিহাটৰ বিভিন্ন দল সংগঠণ আৰু ব্যক্তিবিশেষে ৷ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যু ৰাজ্যখনৰ সমাজ জীৱণৰ বাবে বৃহৎ ক্ষতি বুলি উল্লেখ কৰে ৷ অসমৰ সমাজ জীৱনত তেখেতৰ অভাৱ কোনো কালে পূৰণ নহ’ব বুলিও বিধায়কগৰাকীয়ে উল্লেখ কৰে ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ  সৈতে থকা ব্যক্তিগত সম্পৰ্ক  মধুৰ আৰু চিৰস্মৰণীয় আছিল বুলি উল্লেখ কৰি বাৰেচহৰীয়া ভাওনা উদযাপন আৰু সফল কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিচাপে তৰুণ গগৈৰ অৱদান চতিয়া সমষ্টিবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰিব বুলি উল্লেখ কৰি শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা সমিতিয়েও কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত বাৰেচহৰীয়া ভাওনা সমিতিৰ সভাপতি ভৱ গোস্বামীয়ে তৰুণ গগৈৰ মৃত্যু অসমৰ ৰাজনীতি জগতৰে নহয় সমাজ জীৱনৰ বাবেও এক অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰে। শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজ অসমৰ সভাপতি দীনেশ মহন্ত আৰু প্ৰধান সম্পাদক শ্ৰীমন্ত ভূঞাইও প্ৰাক্তন মূখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷ শোণিতপুৰ জিলা প্ৰাক্তন সৈনিক সন্থাইও গগৈৰ মৃত্যুত শোক প্ৰকাশ কৰি এনে এগৰাকী স্থিতপ্ৰজ্ঞ ব্যক্তিক হেৰুওৱাতো ৰাজ্যখনৰ বাবেই এক বৃহৎ ক্ষতি বুলি মন্তব্য কৰে ৷ আনহাতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱাই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে কেৱল অসমৰে নহয় ভাৰতবৰ্ষৰ ৰাজনৈতিক প্ৰেক্ষাপটত এগৰাকী বিচক্ষণ ৰাজনৈতিক নেতাক হেৰুৱাওতো অসমৰ ৰাইজৰ বাবেই অপুৰণীয় ক্ষতি বুলি উল্লেখ কৰে ৷ এজেৱাইচিপি শোণিতপুৰ জিলা সমিতিয়েও প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আজি লাচিত দিৱসৰ অনুষ্ঠানত  মৌন প্ৰাৰ্থনাৰে বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰে বুলিও প্ৰকাশ কৰে জিলা সভাপতি বিশ্বজিত কলিতাই ৷

Leave A Reply