Breaking

মানিপুৰ গাঁও পঞ্চায়তত “অমৃত কলহ যাত্ৰা” কাৰ্যসূচীত অংশ ল’লে বিধায়ক ৰমাকান্ত দেউৰীয়ে

0 37

মৰিগাঁও জিলাৰ ভুৰবন্ধা উন্নয়ন খণ্ড আৰু মানিপুৰ পঞ্চায়তৰ উদ্যোগত শনিবাৰে “মোৰ মাটি মোৰ দেশ” অভিযানৰ অধীনত “অমৃত কলহ যাত্ৰা” কাৰ্যসূচী সম্পন্ন হয়। এই উপলক্ষে জিলাখনৰ নটুৱা গাঁৱৰ পৰা আহঁতগুৰি হৈ মানিপুৰ গাঁও পঞ্চায়তৰ মানিপুৰ আঞ্চলিক ৰংগমঞ্চলৈকে উলিওৱা প্ৰায় ৩ কিলোমিটাৰজোৰা শোভাযাত্ৰাত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, তিৱা স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ আৰু সহস্ৰাধিক মহিলাই অংশগ্ৰহণ কৰে।

শোভাযাত্ৰাৰ শেষত মানিপুৰ আঞ্চলিক ৰংগমঞ্চত এখন ৰাজহুৱা সভাৰ আয়োজন কৰা হয়। সভাত উপস্থিত ৰাইজে সমস্বৰে পঞ্চ পণ পাঠ কৰে। অনুষ্ঠানত দিয়া ভাষণত বিধায়ক ৰমাকান্ত দেউৰীয়ে কয় যে প্ৰতিগৰাকী ব্যক্তিৰ মনত দেশপ্ৰেমৰ ভাৱ জাগ্ৰত কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে “মোৰ মাটি মোৰ দেশ” কাৰ্যসূচী ঘোষণা কৰিছে।

তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই অভিযান গাঁৱে ভূঞে প্ৰসাৰিত হৈছে। অনুষ্ঠানত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কয় যে বীৰ শ্বহীদসকলে প্ৰাণ আহুতি নিদিয়াহ’লে আমি আজি স্বাধীন দেশৰ মুক্ত আকাশৰ তলত থাকিব নোৱাৰিলোঁহেঁতেন।

তেওঁ “মোৰ মাটি মোৰ দেশ” কাৰ্যসূচী সেইসকল বীৰ শ্বহীদৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি বুলি মন্তব্য কৰে। অনুষ্ঠানত তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰেও ভাষণ দিয়ে। অনুষ্ঠানৰ অংশৰূপে কিশোৰ কিশোৰীসকলে দেশভক্তিমূলক আৰু অসমৰ বৰ্ণাঢ্য সংস্কৃতিৰ ওপৰত আধাৰিত গীতত নৃত্য পৰিৱেশন কৰে।

Leave A Reply