Breaking

নগাঁৱৰ সদৰ সমষ্টিৰ কেইবাটাও অঞ্চলত’সমুহীয়া কঠীয়াতলী আঁচনি’ৰ বীজ ৰোপনৰ শুভাৰম্ভ বিধায়ক ৰূপক শৰ্মাৰ

0 2,067

কোভিড সৃষ্ট জটিল পৰিস্হিতিৰ মাজতে গ্ৰামাঞ্চলৰ কৃষক ৰাইজ কৃষি কৰ্মত নামি পৰিছে । বাৰিষা কালৰ বানক প্ৰত্যাহ্বান জনাই হলেও বৰ্তমান সময়ত শালি ধানৰ খেতিত  কৃষক সকলে মনোনিবেশ কৰিছে। আনহাতে বানপীড়িত অঞ্চলত শস্য ভূমি নষ্ট হোৱাৰ পাচত অসহায় হৈ পৰা কৃষকৰ বাবে অতীব  প্ৰয়োজন হৈ পৰে ধানৰ কঠীয়া। সেয়ে  বানাক্ৰান্ত অঞ্চলৰ কৃষকৰ লগতে আন কৃষক সকলক সকাহ দিয়াৰ বাবে অসম চৰকাৰৰ কৃষি বিভাগে ‘সমুহীয়া কঠীয়াতলী আঁচনি’ নামেৰে এক আঁচনি গ্ৰহণ কৰিছে। উক্ত আঁচনিৰ অধীনত আজি নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত ননৈ দেউৰী গাঁৱৰ পথাৰৰ লগতে শুকতপুতা পথাৰত জিলা কৃষি বিভাগৰ উদ্যোগত মুঠ ৪৩ বিঘা কৃষি ভূমিত সমুহীয়াকৈ  ‘বাহাদুৰ চাহ’ ধানৰ বীজ সিঁচা হয়। এই ‘সমুহীয়া কঠীয়াতলী আঁচনি’ৰ শুভাৰম্ভ কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। আঁচনিখন শুভাৰম্ভ কৰি বিধায়ক শৰ্মাই কয় যে কৃষকসকলে আমাৰ অৰ্থনীতিৰ বুনিয়াদ গঢ়ি আহিছে । কৃষকসকলে অশেষ শ্ৰম কৰি  শস্য উৎপাদন কৰে। সেয়ে কৃষকসকলক সকলো প্ৰকাৰে সহযোগিতা আগবঢ়োৱাতো আমাৰ কৰ্ত্তব্য। আনহাতে ‘সমুহীয়া কঠীয়াতলী আঁচনি’ৰ জৰিয়তে বানাক্ৰান্ত অঞ্চলৰ কৃষকৰ লগতে আন কৃষক সকল উপকৃত হব বুলি বিধায়ক গৰাকীয়ে আশা প্ৰকাশ কৰে । ধানৰ বীজ সিঁচা আঁচনিৰ শুভাৰম্ভ অনুষ্ঠানত নগাঁও জিলা কৃষি বিষয়া বিমলা প্ৰসাদ দেউৰী,   জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া দিলীপ বৰা, কৃষি উন্নয়ন বিষয়া মানস প্ৰতীম দাস,হৰিনাৰায়ণ গোস্বামী, পাখিমৰীয়া গাঁও পঞ্চায়তৰ সভাপতি নিকুল শৰ্মা, তুলসী দেউৰী গাঁও পঞ্চায়তৰ সভাপতি ভদ্ৰ দাস প্ৰমুখ্যে কৃষি বিভাগৰ বিভিন্ন বিষয়া ,কৰ্মীসকল উপস্থিত থাকে।

Leave A Reply