Breaking

কণ্টেইনমেণ্ট হোমত থকা ৰাইজৰ মাজত খাদ্য সামগ্ৰী ,মাস্ক,চেনিটাইজাৰ বিতৰণ বিধায়ক ৰূপক শৰ্মাৰ

0 515

সমগ্ৰ দেশৰ লগতে নগাঁৱতো ব্যাপক হাৰত বৃদ্ধি পাইছে ক’ৰোণাৰ সংক্ৰমণ। বৰ্তমানলৈকে জিলাখনত ১৩ হাজাৰৰো অধিক ব্যক্তি ক’ৰোণাত আক্ৰান্ত হোৱাৰ লগতে ইতিমধ্যে ৭৪জন ব্যক্তিয়ে ক’ৰোণাত প্ৰাণ হেৰুৱাইছে। নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত চহৰাঞ্চলৰ লগতে গ্ৰামাঞ্চলতো ক’ৰোণাৰ ব্যাপক সংক্ৰমণ ঘটিছে। ইতিমধ্যে নগাঁও জিলা প্ৰশাসনৰ লগতে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাইয়ো সমষ্টিটোৰ চিকিৎসালয় সমূহত থকা ক’ভিদ ৰোগীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে সমষ্টিটোৰ অন্তৰ্গত কণ্টেইনমেণ্ট জ’ন আৰু কন্টেইনমেন্ট হোম সমূহতো সাধাৰণ জনতাৰ অসুবিধাৰ বুজ লোৱা দেখা গৈছে। আজিও বিধায়ক গৰাকীয়ে নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত তুলসী দেউৰী পঞ্চায়ত,দক্ষিণপাট গাঁও পঞ্চায়ত,পাখিমৰীয়া গাঁও পঞ্চায়তৰ বিভিন্ন অঞ্চলত  কণ্টেইনমেণ্ট হোমত থকা পৰিয়াল সমূহৰ খবৰ লোৱাৰ লগতে তেঁওলোকে সন্মুখীন হোৱা সমস্যাৰো বুজ লয়। লগতে এই জটিল সন্বিক্ষণত কন্টেইনমেন্ট হোমত থকা পৰিয়ালসমূহক কিছু সকাহ দিয়াৰ উদ্দেশ্যে তেওঁলোকৰ  মাজত প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ টোপোলাৰ লগতে মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰে।খাদ্য সামগ্ৰী বিতৰণ কৰি বিধায়ক গৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৰ্তমানৰ চৰকাৰখনে সাধাৰণ ৰাইজৰ সকলো সমস্যা সমাধানৰ বাবে যৎপৰোনস্তি প্ৰচেষ্টা অব্যাহত ৰাখিছে। আশাকৰো ইয়াৰ জৰিয়তে ৰাইজসকল উপকৃত হব।

Leave A Reply