Breaking

নগাঁৱত আৰ জে হুণ্ডাইৰ ডিলাৰত নতুন গাড়ী মুকলি বিধায়ক ৰূপক শৰ্মাৰ

0 126

নগাঁৱৰ প্ৰতিষ্ঠিত ব্যৱসায়ী সংস্থা আৰ জে গুপে বুধবাৰে ইটাচালি আৰ জে হুণ্ডাই ডিলাৰত হুণ্ডাই এস্কৰ্টাৰ এখনি নতুন বিলাসী গাড়ী মুকলি কৰে বিধায়ক ৰূপক শৰ্মাই।

নগাঁও চহৰত নতুনকৈ মুকলি হোবা আৰ জে হুণ্ডাই ডিলাৰত হুণ্ডাই কম্পানীৰ কেইবাটাও আটকধুনীয়া ৰঙৰে সৈতে এই নতুন গাড়ী খনৰ প্ৰাৰম্ভিক মূল্য ৫.৯৯ হাজাৰৰ পৰা আৰম্ভ বুলি জানিব পৰা গৈছে ৷

সন্ধিয়া আয়োজিত এই অনুষ্ঠানত আৰ জে ব্যৱসায়ীক প্ৰতিষ্ঠানৰ স্বতাধিকাৰী সকলৰ লগতে নগাঁও পৌৰ সভাৰ উপ পৌৰপতি সীমান্ত বৰা,মহলা আয়ুক্ত অৰূপ বৰদলৈৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তি সকলৰ লগতে শতাধিক লোক উপস্থিত থাকে৷

হুণ্ডাই এই নতুন বিলাসী গাড়ী খনক নগাঁও তথা মধ্য অসমৰ ৰাইজে আদৰি লব বুলি উপস্থিত সকলোবে আশা প্ৰকাশ কৰিছে ৷

Leave A Reply