Breaking

বটদ্ৰৱাত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্থ ১৩ টা পৰিয়ালক বিধায়ক ৰূপক শৰ্মাৰ ব্যক্তিগত ভাৱে আৰ্থিক সাহাৰ্য প্ৰদান, বিধায়িকা শিৱামণি বৰাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ…

0 17

সোমবাৰে পুৱাই গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত জাতীয় সাজ পৰিধান কৰি উপস্থিত হয় সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিধায়ক ৰূপক শৰ্মা । দুয়োগৰাকী নেতা গুৰুজনাৰ জন্মস্থানত উপস্থিত হৈ আশীষ গ্ৰহণ কৰে। অসমীয়া জাতিৰ জনক মহাপুৰুষ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত হৈ আধ্যাত্মিক পৰিবেশত বটদ্ৰৱা থান দৰ্শন কৰি উৎফুল্লিত সাংসদগৰাকী। ইফালে বটদ্ৰৱা থান দৰ্শনৰ পিছতেই পোনে পোনে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিধায়ক ৰূপক শৰ্মা বটদ্ৰৱাৰ আকাশী গঙ্গাৰ পাৰত উপস্থিত হৈ ২৭ ডিচেম্বৰৰ নিশা বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত হোৱা ১৩ খনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰিয়ালৰ কাষত থিয় হৈ বুজ লয়।বিধায়ক শৰ্মাই নিজা ববীয়াকৈ ১৩ টাকৈ পৰিয়ালৰ প্ৰতিটোকে দহ হেজাৰ টকাকৈ সৰ্বমুঠ ১লাখ ৩০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায়। উল্লেখ্য যে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই বটদ্ৰৱাবাসী ৰাইজৰ দুখৰ সময়ত কাষত থিয় হৈ ৰাইজৰ দুৰ্গতিৰ বুজ লোৱাৰ লগতে ক্ষতিগ্ৰস্ত ব্যৱসায়ী সকলক কিছু আৰ্থিক সাহায্য আগবঢ়োৱাত বিধায়ক ৰূপক শৰ্মাৰ শলাগ লয় । ইয়াৰ বিপৰীতে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰাৰ বিৰুদ্ধে ৰাইজে ক্ষোভ প্ৰকাশ কৰে ।

কাৰণ বটদ্ৰৱাত সংগঠিত ভয়াৱহ অগ্নিকাণ্ডৰ পিছতো আজিলৈকে খবৰ লবলৈ আহৰি নেপালে বিধায়িকা শিৱামণি বৰাই। সেয়ে বিধায়ক ৰূপক শৰ্মাৰ সন্মুখতে ক্ষোভ প্ৰকাশ কৰে বটদ্ৰৱাবাসী ৰাইজে বিধায়িকা শিৱামণি বৰাৰ বিৰুদ্ধে। বিধায়িকা শিৱামণি বৰাক নিৰ্বাচনত আমি ভোট দিছিলো কিন্ত্ত আজি বিধায়িকা গৰাকী আমাৰ কাষত নাই, আমাক ধন টকা পইচা দিব নালাগে বিপদৰ সময়ত তেওঁ মুখৰ মাত দিবলৈয়ো নাহিল। উল্লেখ্য যে আকাশীগংগাৰ পাৰত থকা ১৩ খন ব্যৱসায়ীক প্ৰতিষ্ঠানত সংঘটিত অগ্নিকাণ্ডৰ ফলত ১৩ খনকৈ মনিহাৰী সামগ্ৰী, ফটো, কিতাপ, পুতলা, কাপোৰ, নৈবেদ্য প্ৰসাদৰ দোকানৰ লগতে হোটেলো ভস্মিভূত হৈছিল। ইপিনে ১৩টা দুৰ্ভগীয়া পৰিয়ালক আৰ্থিক সাহাৰ্য আগবঢ়াই বিধায়ক শৰ্মাই কয় যে বটদ্ৰৱা থান প্ৰাঙ্গনৰ আকাশীগঙ্গাৰ পাৰত নৈবেদ্য,প্ৰসাদৰ সামগ্ৰী,ফটো, কিতাপ, পুতলা, কাপোৰ,মনিহাৰী সামগ্ৰী আৰু হোটেলৰ ব্যৱসায় কৰি ক্ষুদ্ৰ ব্যৱসায়ী সকলে নিজৰ পৰিয়ালটো পোহপাল দি আহিছিল। কিন্তু অতি পৰিতাপৰ বিষয় যে অগ্নিকাণ্ডৰ ফলত ব্যৱসায়ী প্ৰতিষ্ঠান সমূহ সম্পূৰ্ণ ভস্মীভূত হোৱাত দিশহাৰা হৈ পৰিছিল ১৩টা পৰিয়াল। এই খবৰ লাভ কৰি যোৱা ১ জানুৱাৰীত বটদ্ৰৱা থান প্ৰাঙ্গনত বিধায়ক শৰ্মা উপস্থিত হৈ ব্যৱসায়িক প্ৰতিষ্ঠান কেইখনৰ ক্ষয় ক্ষতিৰ বুজ লৈ থলুৱা ব্যৱসায়ী সকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সৈতে মত-বিনিময় কৰি তেওঁলোকক পাৰ্যমানে সহায়ৰ হাত আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰিছিল। অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰ ক্ষুদ্ৰ ব্যৱসায়ী সকলক কোনোধৰণৰ বীমা নথকাত লগতে ভাড়া মাটিত ব্যৱসায় কৰাৰ বাবে চৰকাৰী ভাবে সহায় কৰাত অসুবিধা থকাৰ হেতু আজি ক্ষতিগ্ৰস্ত হোৱা ১৩খন ব্যৱসায়িক প্ৰতিষ্ঠানৰ ব্যৱসায়ী আৰু তেওঁলোকৰ পৰিয়ালক কাষত পুনৰ উপস্থিত হ‌য় প্ৰতিটো পৰিয়ালক নিজাববীয়াকৈ কিঞ্চিৎ সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যেৰে এই সাহাৰ্য আগবঢ়ায়। আনহাতে বিপদগ্ৰস্ত পৰিয়াল কেইটাক সামান্য সহায়ৰ হাত আগবঢ়োৱাৰ সুবিধা লাভ কৰি নিজকে ধন্য মনা বুলি বিধায়ক শৰ্মাই মন্তব্য কৰে।

এই আৰ্থিক সাহাৰ্যৰ জৰিয়তে বিপদত পৰা ১৩ টা পৰিয়ালে কিছু সকাহ লাভ কৰিব আৰু আগন্তুক দিনত পুনৰ নিজৰ নিজৰ ব্যৱসায় আৰম্ভ কৰি জীৱিকা অৰ্জনৰ পথ মুকলি কৰিবলৈ সক্ষম হ’ব বুলিও বিধায়ক শৰ্মাই আশা প্ৰকাশ কৰে।

Leave A Reply