“এজন শিক্ষকে কেনেকৈ চলাই আছিল ক’চিং চেণ্টাৰ?”-ভিক্টৰ দাস প্ৰসংগত সিদ্ধাৰ্থ ভট্টাচাৰ্য

ভিক্টৰ দাস প্ৰসংগত বিধায়কগৰাকীয়ে কয়, ‘‘এজন চৰকাৰী শিক্ষকে কেনেকৈ চলাই আছিল দুটাকৈ ক’চিং চেণ্টাৰ? সংবাদ মাধ্যমে এজন চৰকাৰী শিক্ষকে এনে কৰিব যে নোৱাৰে তাক প্ৰকাশ নকৰে কিয়? শিক্ষা বিভাগে লওক ভিক্টৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা। নিলম্বন কৰিব লাগে ভিক্টৰ দাসক।

ভৱেশ কলিতাক ক্লীন শ্বীট সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ। সংবাদ মাধ্যমৰ আগত তেওঁ কয়, ‘‘ভৱেশ কলিতা বিজেপিৰ পুৰণি মানুহ। বিজেপিত কাৰোবাক এনেকৈ আঁতৰাব নোৱাৰি। ভৱেশ কলিতাৰ বিৰুদ্ধে অহা অভিযোগ অমূলক।’’

‘‘এডমিট কাৰ্ড কাৰোবাৰ ৰাখিলেই দোষ কৰা নুবুজায়। সকলো বিধায়কৰ ঘৰত প্ৰতিদিনেই জমা হয় বহু এডমিট কাৰ্ড। চাৰিবছৰ পূৰ্বে কিয় যুৱতীগৰাকীয়ে কৰা নাছিল অভিযোগ? বিজেপিত কোনো দুটা পক্ষ নাই, বিজেপিত এটাই পক্ষ।’’ – ক’লে ভট্টাচাৰ্যই।

Related Articles