Breaking

পুনৰ চলচ্চিত্ৰ জগতলৈ বিধায়িকা সুমন হৰিপ্ৰিয়া, নৱেম্বৰৰ পৰা ছবিৰ দৃশ্যগ্ৰহণ

0 192

অসমীয়া চলচ্চিত্ৰ জগতলৈ আহিছে সুখবৰ। এখনৰ পাছত আনখন অসমীয়া ছবি ছুপাৰহিট হোৱাৰ পিছত ছবি নিৰ্মাণৰ বাবে আগুৱাই আহিছে অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাসকল।

পুনৰ অসমীয়া চলচ্চিত্ৰ নিৰ্মাণৰ যে বাবে সাজু হৈছে বিধায়িকা সুমন হৰিপ্ৰিয়া। প্ৰতিষ্ঠিত চলচ্চিত্ৰ নিৰ্মাতা তথা বিধায়িকা সুমন হৰিপ্ৰিয়াই অহা নৱেম্বৰ মাহৰ পৰা এখন নতুন অসমীয়া ছবিৰ দৃশ্যগ্ৰহণৰ কাম আৰম্ভ হ’ব বুলি সাংবাদিকক জানিবলৈ দিয়ে।

উল্লেখ যে ‘কইনা মোৰ ধুনীয়া’, ‘ককা দেউতাৰ ঘৰ জোৱাঁই’, ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত ছবি ‘কদমতলে কৃষ্ণ নাচে’ আদি সুমন হৰিপ্ৰিয়াৰ জনপ্ৰিয় ছবি।

আহিবলগীয়া নতুন ছবিখনো ড° বেজবৰুৱা ২, শ্ৰী ৰঘুপতিৰ দৰে দৰ্শক ৰাইজে আদৰি ল’ব বুলি আশা কৰিছে সুমন হৰিপ্ৰিয়াই। হাজো সমষ্টিৰ বিধায়িকাগৰাকীয়ে ছবিখনত স্থানীয় শিল্পীকো অভিনয়ৰ বাবে সুযোগ দিব বুলি জানিবলৈ দিয়ে। আহিবলগীয়া নতুন ছবিখন একশ্যনধৰ্মী হ’ব বুলি জানিবলৈ দি বিধায়িকা গৰাকীয়ে কয় ছবিখনৰ স্কীপ্ট ইতিমধ্যে সাজু হৈছে৷

নৱেম্বৰ মাহৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ লগতে তীৰ্থনগৰী হাজোৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মাজত ছবিখনৰ পৰা দৃশ্যগ্ৰহণ হ’ব। অৱশ্যে ছবিখনৰ নাম কি হ’ব পৰৱৰ্তী সময়তে দৰ্শকে জানিব পাৰিব মন্তব্য কৰে বিধায়িকা তথা চলচিত্ৰ নিৰ্মাতা সুমন হৰিপ্ৰিয়াই।

Leave A Reply