Breaking

ৰহমৰীয়াত আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ শুভ উদ্বোধন কৰিব আহি খঙত অগ্নিশৰ্মা হৈ পৰে বিধায়ক বিনোদ হাজৰিকা…

0 80

লাহোৱাল সমষ্টিৰ অন্তৰ্গত ৰহমৰীয়াত অংগনবাড়ী কেন্দ্ৰ অতীতৰ আওপুৰণি অংগনবাড়ী কেন্দ্ৰ স্থানত আটকধুনীয়াকৈ নৱ-নিৰ্মিত আদৰ্শ অংগনবাড়ী কেন্দ্ৰটো শুভ উদ্বোধন কৰিব আহি বিধায়ক গৰাকীয়ে অংগনবাড়ী কেন্দ্ৰটোত চিলিং আৰু দৰ্জা ভঙাক লৈ ক্ষোভ উজাৰে।

তদুপৰি নিৰ্মাণ সমিতিক স্হানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে বিধায়ক গৰাকীয়ে। লগতে দুস্কৃতিকাৰীক আটক কৰি ৬ মাহ জে’ললৈ প্ৰেৰণ কৰাৰো হুংকাৰ দিয়ে বিধায়ক বিনোদ হাজৰিকাই। আনহাতে বিধায়ক বিনোদ হাজৰিকাই এটি এটিকৈ ফল বিতৰণ কৰে কণ কণ ছাত্র-ছাত্ৰী সকলক।

Leave A Reply