বিধায়কৰ কাম কেৱল আইন প্ৰণয়ন নহয়, চৰকাৰক নিয়ন্ত্ৰণ কৰে বিধায়কে : মুখ্যমন্ত্ৰীক উভতি ধৰিলে বিধায়ক অখিল গগৈয়ে

বৃহস্পতিবাৰে ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰথমবাৰলৈ সংবাদমেল সম্বোধন কৰে বিধায়ক তথা দলটোৰ সভাপতি অখিল গগৈয়ে।  সভাপতি হিচাপে ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত বিশেষ মন্তব্য কৰে শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীয়ে।

শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধায়কৰ কাম কেৱল বিধানসভাতহে বুলি কৰা মন্তব্যক প্ৰত্যাহ্বান জনাই অখিল গগৈয়ে কয় যে,  ‘মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিধায়কৰ কাম কেৱল বিধানসভাতহে বুলি মন্তব্য কৰিছে। কাৰ্যপালিকাত ভুমিকা নাই বুলি কৈছে।  ভাৰতীয় সংবিধানে ৰাজ্যবোৰৰ বিধানসভাৰ কাৰ্যৱলী সম্পৰ্কে ব্যাখ্যা কৰিছে।সংবিধানত বিধায়কৰ কাম-কাজ সম্পৰ্কে লিপিবদ্ধ নাই যদিও এই বিষয়ে সংসদ, ন্যায়ালয়ত চৰ্চা হৈছে। মুখ্যমন্ত্ৰীয়ে কৈছে,  বিধায়কে DC,SP, SDO আদিক কোনো নিৰ্দেশ দিব নোৱাৰে।  কিন্তু এজন বিধায়কৰ চাৰিটা ক্ষমতা থাকে, Legislative, Financial, Executive আৰু Electoral।’

উচ্চতম ন্যায়ালয়ৰ এক ৰায়দানত উদ্ধৃতি দি অখিল গগৈয়ে লগতে কয় যে, ‘২০১৭ বৰ্ষত উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত এটা ৰায়দান দিছিল য’ত এজন নিৰ্বাচিত বিধায়কৰ গণতন্ত্ৰত ব্যাপক ভুমিকা থাকে। সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ ভুমিকা আছে। এই ৰায়দানৰ পিছত আৰু একো ক’ব লগা নাথাকে। অসমৰ মুখ্যমন্ত্ৰীয়ে বিধায়কৰ দায়িত্ব কমাবলৈ গৈ ন্যায়ালয়, প্ৰতিষ্ঠিত প্ৰতিষ্ঠানসমূহৰ কথাক নস্যৎ কৰিছে। কি আইনৰ ভিত্তিত মুখ্যমন্ত্ৰীয়ে এয়া কৈছে সেয়া জনাব লাগে, প্ৰত্যাহ্বান জনাইছো ৷ যদি নোৱাৰে তেন্তে ক্ষমা খুজিব লাগে। বিধানসভাত এই বিষয় উত্থাপন কৰি কৈফিয়ৎ বিচৰা হ’ব। মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ বাবে সকলো বিধায়কে মাত মাতিব লাগে, প্ৰতিবাদ কৰিব লাগে।’

ইফালে কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষা শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে আৰম্ভ কৰা বুলি মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা সভাত কৰা মন্তব্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অখিল গগৈয়ে কয় যে,  ‘মুখ্যমন্ত্ৰীয়ে মিছা কথাৰে জাতিটোক ভুল পথে লৈ যাব বিচাৰিছে। এনে নিৰক্ষৰ মুখ্যমন্ত্ৰীৰ পৰা সকলো সাৱধানে থাকিব লাগে।’

শিৱসাগৰক নতুন ৰূপ দিয়াৰ চেষ্টা কৰা হ’বঃ অখিল গগৈ

নিজ সমষ্টি শিৱসাগৰৰ উন্নয়নৰ সন্দৰ্ভতো অখিল গগৈয়ে গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে। গগৈয়ে কয় যে,  ‘কলাক্ষেত্ৰ স্থাপন, ৰংঘৰ-তলাতল ঘৰ আদিক নতুন ৰূপ দিয়াৰ চেষ্টা কৰিম।
শিৱসাগৰৰ নতুন ৰূপ চাবলৈ অসমবাসীক আহ্বান জনাইছো। পুঁজি লাভ কৰাৰ লগে লগে প্ৰতিটো পথ-উপপথ, ট্ৰেফিক চিগনেল আদি ঠিক কৰা হ’ব। যদি হিমন্ত বিশ্ব শৰ্মাই বাধা নিদিয়ে তেন্তে শিৱসাগৰৰ উন্নয়ন চাব পাৰিব।’

Related Articles