গুৱাহাটীত আৰক্ষীয়ে প্ৰদৰ্শন কৰিব শতাধিক চুৰি মোবাইল-লেপটপ

মোবাইল-লেপটপ চুৰি হৈছে নেকি ? গুৱাহাটীত আৰক্ষীয়ে প্ৰদৰ্শন কৰিব শতাধিক চুৰি মোবাইল-লেপটপ

গুৱাহাটীত এতিয়া মোবাইল-লেপটপ চুৰি হোৱাৰ ঘটনা বৃদ্ধি পাইছে। এনে সময়তে গুৱাহাটী আৰক্ষীয়ে কাইলৈ ​​৬৫০ টা মোবাইল ফোন আৰু ১৬ টা লেপটপ প্ৰদৰ্শন কৰিব।

এইবোৰ চোৰৰ পৰা উদ্ধাৰ কৰাৰ পিছত মহানগৰীৰ বিভিন্ন থানাত পৰি আছিল । প্ৰকৃত মালিকৰ অনুসন্ধান নোহোৱাৰ বাবে সেই বোৰ পৰি আছিল। এতিয়া আগ্ৰহী ব্যক্তিসকলে এই বিশেষ প্ৰদৰ্শনীখনলৈ গৈ তেওঁলোকৰ হেৰুৱা মোবাইল-লেপটপৰ সন্ধান কৰিব পাৰিব। চিনাক্ত কৰিব পাৰিলে আৰু মালিকীস্বত্বৰ প্ৰমাণ দেখুৱাই ঘ নিজৰ বুলি দাবী কৰিব পাৰিব। বী কৰিব পাৰে।গুৱাহাটী আৰক্ষী আয়ুক্ত, পাণ বজাৰ, গুৱাহাটীত কাইলৈ(শুকুৰবাৰ) দিনৰ ১১ বজাৰ পৰা এই মোবাইল-লেপটপৰ প্ৰদৰ্শনী হ’ব।

Related Articles