Breaking

বকোৰ জালুকবাৰীত ৰাভা হাছং পৰিষদৰ পুঁজিৰে নিৰ্মিত আধুনিক মঞ্চ উদ্ধোধনী অনুষ্ঠান

0 1,089

ৰাজ্য চৰকাৰৰ দ্বাৰা গঠিত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ উন্নয়ণ পুজিৰে নিৰ্মিত মঞ্চ এখন আজি উদ্ধোধন কৰে পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ নগৰমল স্বৰ্গীয়াৰীয়ে। আজি কামৰূপ জিলাৰ বকো ৰাজহ চক্ৰৰ অধিনৰ জালুকবাৰীত ৰাজহুৱা খেল পথাৰত আধুনিক ৰূপত নিৰ্মিত মঞ্চ খন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয়। আজি অঞ্চলটোৰ বহু সংখ্যক জেষ্ঠ্য তথা বিশিষ্ট লোক ; পুৰুষ – মহিলা। যুৱক যুৱতীৰ সহযোগত আয়োজন কৰা মঞ্চ উদ্ধোধনী অনুষ্ঠানত জ্যেষ্ঠ সমাজ কৰ্মীক সন্মান প্ৰদান কৰা হয়।

জালুকবাৰী যুৱক সংঘৰ সভাপতি মিঠুন বড়ো আৰু সম্পাদক পদ্ম বড়োই জনোৱা মতে ; ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ উন্নয়ণ পুজিৰ ২০২০/২১ বিত্তীয় বৰ্ষৰ মুঠ সাত লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ক্ষুদ্ৰ খেল পথাৰ উন্নয়ণ ; মঞ্চ আৰু সেউজ গৃহৰ আঁচনি আৰু আধুনিক মঞ্চ খন আজি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয়।

Leave A Reply