Breaking

LPG চিলিণ্ডাৰক লৈ ডাঙৰ সিদ্ধান্ত মোদী চৰকাৰৰ! উপকৃত হ’ব লাখ লাখ গ্ৰাহক

0 78

যদি আপোনাৰ ৰন্ধন গেছৰ সংযোগ থাকে, তেন্তে এই খবৰ অত্যন্ত গুৰুত্বপূৰ্ণ। ইণ্ডিয়ান অইল কৰ্প’ৰেচনৰ ফালৰ পৰা এক বিবৃতিত জনোৱৈ হৈছে কিউ আৰ কোড বেছড চিলিণ্ডাৰ মুকলি কৰা হৈছে। ইণ্ডিয়ান অইলৰ অধ্যক্ষ শ্ৰীকান্ত মাধৱে জনাইছে যে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰো থাকিব কিউ আৰ কোড। কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে জনাইছে যে ৰন্ধন গেছৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন আহিব। তেওঁ আৰু জনাইছে যে কিউ আৰ কোডৰ জৰিয়তে গ্ৰাহকসকলে সকলো ধৰণৰ তথ্য লাভ কৰিব পাৰিব। চিলিণ্ডাৰৰ সুৰক্ষা, ৰিফিলিং সংক্ৰান্তীয় বিভিন্ন ধৰণৰ তথ্য পোৱা যায়। বৰ্তমান চিলিণ্ডাৰৰ সৈতে QR কোড সংলগ্ন থাকিব। নতুন চিলিণ্ডাৰতো থাকিব।ইউনিট কোড বেছড ট্ৰেকৰ অন্তৰ্গত কিউ আৰ কোডৰ এম্বেড ২০ হাজাৰ এলপিজি চিলিণ্ডাৰত কাৰ্যকৰী হ’ব। এয়া এক প্ৰকাৰৰ বাৰকোড যিয়ে ডিজিটেল ডিভাইচৰ মাধ্যমত ৰিড কৰা হ’ব।পেট্ৰ’লিয়াম মন্ত্ৰীয়ে আগন্তুক তিনি মাহত সকলো ১৪.২ কিলোগ্ৰামৰ ঘৰুৱা চিলিণ্ডাৰত কিউ আৰ কোড লাগিব বুলি জনাইছে। তেওঁ জনাইছে, প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা মুকলি হোৱাৰ পূৰ্বে স্বচ্ছভাৱে ৰন্ধা–বঢ়া কৰাটো অত্যন্ত প্ৰত্যাহ্বান আছিল। কেন্দ্ৰীয় আঁচনিৰ ফলত গ্ৰামীণ মহিলাসকল অত্যন্ত উপকৃত হৈছে। ফলত ৰন্ধনৰ ক্ষেত্ৰত বহু সমস্যাৰ সমাধান হৈছে। 

Leave A Reply