Breaking

মোদীয়ে সৃষ্টি কৰিলে নতুন শ্ল’গান -‘মে ভি হুঁ মোদী কা পৰিবাৰ’…

0 16

১২ খন ৰাজ্যৰ ভ্ৰমণৰ কাৰ্যসূচী আৰম্ভ হ’ল প্ৰধানমন্ত্ৰী মোদীৰ। এনে ভ্ৰমণৰ আৰম্ভনিতে তেলেংগানাত বিৰোধীৰ বিৰুদ্ধে সৰব হৈ পৰিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী মোদীয়ে সোমবাৰে তেলেগানাত স্বজনপোষণ আৰু দুৰ্নীতিৰ প্ৰসংকলৈ বিৰোধী ইণ্ডিয়া মিত্ৰজোঁটৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ চলায়। মোদীয়ে বিৰোধীৰ বিৰুদ্ধে তেওঁৰ পৰিয়ালৰ ওপৰত ব্যক্তিগত আক্ৰমণৰো অভিযোগ উত্থাপন কৰে। উল্লেখ্য লালু প্ৰসাদ যাদৱে মোদীৰ পৰিয়ালত কোনো নাই আৰু মোদী হিন্দু নহয় বুলি কৰা মন্তব্যৰ পিছতে মোদীয়ে তেলেংগানাত বিৰোধীক উভতি ধৰে। মোদীয়ে দৃঢ়তাৰে ঘোষণা কৰে যে ”১৪০ কোটি ভাৰতীয়” তেওঁৰ সম্প্ৰসাৰিত পৰিয়ালৰে অংশ। প্ৰধানমন্ত্ৰী মোদীয়ে আৰজেডি প্ৰধান লালু প্ৰসাদ যাদৱৰ মন্তব্যৰ প্ৰতিক্ৰিয়া স্বৰূপে এইদৰে কয়৷ পাটনাৰ গান্ধী ময়দানত ‘জন বিশ্বাস মহা ৰেলী’ক সম্বোধন কৰি বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱে কৈছিল , ” আপোনাৰ কোনো পৰিয়াল নাই… আপুনি আনকি হিন্দুও নহয়। প্ৰত্যেক হিন্দুয়ে তেওঁলোকৰ মাতৃৰ মৃত্যুত শোক প্ৰকাশ কৰিবলৈ তেওঁলোকৰ মুণ্ডন কৰে। কিন্তু আপুনি আপোনাৰ চুলি আৰু দাড়ি কিয় কটোৱা নাছিল , উত্তৰ দিয়ক…”।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডি এলায়েন্সৰ নেতাসকলক সমালোচনা কৰি দুৰ্নীতি, পৰিয়ালতান্ত্ৰিক ৰাজনীতি আৰু তোষণৰ ৰাজনীতিত জড়িত থকাৰ কথা উল্লেখ কৰে। লালু প্ৰসাদৰ পৰিয়াল সম্পৰ্কীয় অভিযোগৰ সঁহাৰি দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় , “মোৰ জীৱন এখন মুকলি কিতাপৰ দৰে। দেশৰ মানুহে মোক ভালদৰে জানে আৰু বুজি পায়।” প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ নাগৰিকসকলৰ সপোন পূৰণ কৰি নিজৰ জীৱন অতিবাহিত কৰাৰ প্ৰতিশ্ৰুতি দিছে আৰু দেশৰ কোটি কোটি লোকে তেওঁক নিজৰ পৰিয়ালৰ এজন হিচাপে গণ্য কৰিছে বুলি মোদীয়ে উল্লেখ কৰে। তেওঁ তেলেংগানাবাসী, বিশেষকৈ জনজাতীয় সম্প্ৰদায়ৰ লোকসকলৰ অৱদানৰ প্ৰশংসা কৰে আৰু তেওঁলোকৰ উন্নয়নৰ বাবে বিজেপি চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ কথা উল্লেখ কৰে। উল্লেখ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে তেলেংগানাৰ আদিলাবাদত ৫৬,০০০ কোটি টকাতকৈ অধিক মূল্যৰ শক্তি, ৰে’ল আৰু পথ খণ্ডৰ সৈতে জড়িত একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে।

এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে আদিলাবাদৰ ভূমি কেৱল তেলেংগানাৰ সৈতে নহয় সমগ্ৰ দেশৰ সৈতে জড়িত উন্নয়নমূলক প্ৰকল্পৰ সাক্ষী হৈ পৰিছে কাৰণ ৫৬,০০০ কোটি টকাতকৈ অধিক মূল্যৰ ৩০টাতকৈও অধিক উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰাৰ লগতে আধাৰশিলা স্থাপন কৰা হৈছে। এই প্ৰকল্পসমূহৰ ভিতৰত ৰাজ্যৰ শক্তি, পৰিৱেশ বহনক্ষমতা আৰু পথ সংযোগৰ সৈতে জড়িত বহু প্ৰকল্প অন্তৰ্ভুক্ত কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰ আৰু তেলেংগানা দুয়োখন ৰাজ্যই প্ৰায় ১০ বছৰ সম্পূৰ্ণ কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে ৰাজ্যখনক নাগৰিকৰ সপোন বাস্তৱায়িত কৰিবলৈ সকলো ধৰণৰ সহায় আগবঢ়াইছে। আজিও প্ৰধানমন্ত্ৰীয়ে জনোৱা মতে, আজি ৮০০মেগাৱাট ক্ষমতাসম্পন্ন এনটিপিচি ইউনিট ২ উদ্বোধন কৰা হৈছে যিয়ে তেলেংগানাৰ বিদ্যুৎ উৎপাদন ক্ষমতা আৰু অধিক বৃদ্ধি কৰিব। তেওঁ আমবাৰী-আদিলাবাদ-পিম্পলখুটি ৰে’ল লাইনৰ বিদ্যুতীকৰণ সম্পূৰ্ণ হোৱাৰ লগতে আদিলাবাদ, বেলা আৰু মুলুগুৰ দুটা বৃহৎ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ কথাও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে আজিৰ এই আধুনিক ৰে’ল আৰু পথ প্ৰকল্পসমূহে তেলেংগানাৰ লগতে সমগ্ৰ অঞ্চলটোৰ উন্নয়নক গতি প্ৰদান কৰাৰ লগতে ভ্ৰমণৰ সময়ো হ্ৰাস কৰিব৷ এইবোৰে পৰ্যটনক উৎসাহিত কৰিব আৰু অগণন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব।

প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসমূহৰ উন্নয়নৰ জৰিয়তে দেশৰ উন্নয়নৰ মন্ত্ৰ পুনৰবাৰ উল্লেখ কৰে। তেওঁ কয় যে উন্নত অৰ্থনীতিৰ সৈতে দেশৰ প্ৰতি আস্থা বৃদ্ধি পায় আৰু ৰাজ্যসমূহেও বিনিয়োগ লাভ কৰাৰ লগে লগে তাৰ পৰা লাভৱান হয়। ভাৰতীয় অৰ্থনীতিৰ উচ্চ বৃদ্ধিৰ হাৰক কেন্দ্ৰ কৰি বিশ্বজুৰি ব্যাপক চৰ্চা হোৱাৰ কথা উল্লেখ কৰে কাৰণ ভাৰতবৰ্ষই বিগত তিনিমাহত ৮.৪ শতাংশ বৃদ্ধি পোৱা একমাত্ৰ প্ৰধান অৰ্থনীতি। “এই গতিৰে ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হ’ব”, বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় ইয়াৰ অৰ্থ হ’ল তেলেংগানাৰ অৰ্থনীতিৰ বাবেও উচ্চ বিকাশ সম্ভৱ হ’ব৷ তেলেংগানাৰ দৰে অঞ্চলক পূৰ্বতে কৰা অৱহেলাৰ কথা সোঁৱৰাই প্ৰধানমন্ত্ৰীয়ে বিগত ১০ বছৰৰ নতুন শাসন পদ্ধতিৰ ওপৰত আলোকপাত কৰে। যোৱা ১০ বছৰৰ ভিতৰত ৰাজ্যখনৰ উন্নয়নৰ বাবে অধিক আবণ্টন দিয়াৰ দিশটোলৈ আঙুলিয়াই দি প্ৰধানমন্ত্ৰীয়ে কয়, “আমাৰ বাবে উন্নয়নৰ অৰ্থ হ’ল দুখীয়াৰ ভিতৰত আটাইতকৈ দুখীয়াৰ উন্নয়ন, দলিত, জনজাতীয়, পিছপৰা আৰু বঞ্চিতসকলৰ উন্নয়ন।” প্ৰধানমন্ত্ৰীয়ে ২৫ কোটিৰো অধিক লোক দৰিদ্ৰতাৰ পৰা ওলাই অহাৰ কথা উল্লেখ কৰি চৰকাৰী কল্যাণমূলক আঁচনিৰ কৃতিত্ব দৰিদ্ৰ লোকৰ বাবে প্ৰদান কৰে। ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে সজোৰে কয় যে আগন্তুক ৫ বছৰত এনে অভিযান আৰু অধিক বৃদ্ধি কৰা হ’ব৷এই উপলক্ষে অনুষ্ঠানত তেলেংগানাৰ ৰাজ্যপাল ড০ তামিলিছাই সৌন্দৰৰাজন, তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী আৰু কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷

Leave A Reply