Breaking

মোদী ভগৱান ৰামৰেই এক অংশঃ ক’লে অভিনেত্ৰী কংগনা ৰাণাৱটে…

0 10

মোদী ভগৱান ৰামৰেই এক অংশ। এই মন্তব্য কংগনা ৰাণাৱটৰ। কংগনা ৰাণাৱটে এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘ভগৱান ৰামৰ অংশ’ বুলি অভিহিত কৰি মোদীৰ প্ৰশংসাত গদগদ হৈ পৰিছে। কংগনা ৰাণাৱটে শেহতীয়াকৈ মাণ্ডিৰ বিভিন্ন ঠাইত এগৰাকী লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী হিচাবে প্ৰচাৰ চলাইছে। কংগনাই কয় “আজি মই নৰেন্দ্ৰ মোদীৰ এম্বেচেডৰ হিচাপে ইয়াত আছোঁ। মোক দিয়া আপোনাৰ এটা ভোট প্ৰধানমন্ত্ৰীৰ বাবে আশীৰ্বাদ হ’ব। কল্পনা কৰক, যোৱা ৫০০ বছৰ ধৰি বন্ধ হৈ থকা কামটো কেৱল নৰেন্দ্ৰ মোদীৰ কাৰ্যকালতহে সম্ভৱ হৈছে। যেতিয়া মোদী প্ৰধানমন্ত্ৰীৰ আসনত বহিল, ৰামৰ অনুগ্ৰহত ইমান বছৰৰ অপেক্ষাৰ অন্ত পৰিল । মোদীৰ দিনতে ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে । মই তেওঁৰ ভিতৰত ঈশ্বৰৰ অস্তিত্ব উপলব্ধি কৰিছো। তেওঁ ৰামৰেই এক অংশ ’’।

কংগনাই লগতে কয় “বিজেপিয়ে মোক মাণ্ডিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। গতিকে আপোনালোকৰ সামূহিক কণ্ঠস্বৰ হোৱা আৰু সংসদত সমস্যাবোৰ উত্থাপন কৰাটো মোৰ দায়িত্ব। মই নিশ্চিত যে শীৰ্ষ নেতৃত্বই আপোনালোকৰ সকলো অভিযোগ পৰীক্ষা কৰাৰ পিছত আপোনালোকৰ ইচ্ছা পূৰণ কৰিব। কংগ্ৰেছৰ মানুহে আপোনালোকক বিপথে পৰিচালিত কৰিবলৈ আহিব । তেওঁলোকে ক’ব যে কংগনা মুম্বাইলৈ ঘূৰি যাব আৰু তেওঁ কেতিয়াও মাণ্ডলৈ নাহে। এই লোকসকলক ভোট বাকচত এটা স্পষ্ট উত্তৰ দিব লাগিব। “

ইয়াৰ পূৰ্বে শুকুৰবাৰে হিমাচলৰ ভূমিকন্যা কংগনাই মাণ্ডিত এক মেগা ৰোড শ্ব’ত কৈছিল, “মই ইয়াত নায়িকা হিচাবে নহয়, মই মাণ্ডিৰ জীয়ৰী হিচাবে উপস্থিত আছো।’’ কংগনা ৰাণাৱটৰ এবছৰ ধৰি বক্স অফিচত মন্দাৱস্থা চলি আছে। বহুদিন ধৰি তেওঁৰ ছবি হিট হোৱা নাই! অৱশ্যে, চলচ্চিত্ৰ বজাৰৰ পৰা ৰাজনৈতিক ক্ষেত্ৰলৈকে ‘মণিকৰ্ণিকা’ যুদ্ধসদৃশ মেজাজত আছে। প্ৰথম নিৰ্বাচনী প্ৰচাৰত তেওঁ কয় যে যদি তেওঁ জয়ী হয় বা যদি ৰাইজে বিচাৰে, তেন্তে তেওঁ এজন পূৰ্ণ-সময়ৰ ৰাজনীতিক হ’ব আৰু মাণ্ডিৰ জনসাধাৰণৰ কল্যাণৰ বাবে কাম কৰিব। কংগনা ৰাণাৱটে তেওঁৰ ৰাজনৈতিক আদৰ্শ আৰু অনুপ্ৰেৰণাৰ বিষয়ে কয় “মই স্বামী বিবেকানন্দৰ ভক্ত। তেওঁ মোৰ মাজত জাতীয়তাবাদৰ অনুভূতি জাগ্ৰত কৰিছে। সদগুৰুজী, যাৰ অনুপ্ৰেৰণাত মই কৰ্মযোগী হৈ পৰিছো।’’

Leave A Reply