Breaking

“মোদীয়ে কংগ্ৰেছক আৰ্থিকভাৱে পংগু কৰিবলৈ চেষ্টা কৰিছে”-ছোনিয়া গান্ধী…

0 25

১৩ মাৰ্চত দিল্লী উচ্চ ন্যায়ালয়ে কংগ্ৰেছৰ বেংক একাউণ্টৰ বিৰুদ্ধে আয়কৰ বিভাগে গ্ৰহণ কৰা ব্যৱস্থা স্থগিত ৰখাৰ বাবে দাখিল কৰা আবেদন খাৰিজ কৰে। ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কংগ্ৰেছৰ বেংক একাউণ্টৰ পৰা ধন ছাইফন অফ কৰা বুলি অভিযোগ উত্থাপন কৰে। এই সন্দৰ্ভত নৰেন্দ্ৰ মোডী চৰকাৰে ৰাজনৈতিক প্ৰতিশোধ লোৱাৰ অভিযোগো উত্থাপন কৰিছে। বৃহস্পতিবাৰে এখন সংবাদমেলত ছোনিয়া গান্ধীয়ে কয় যে লোকসভা নিৰ্বাচনৰ পূৰ্বে এনে ব্যৱস্থাৰ পৰিকল্পনা কৰা হৈছে। এই ঘটনা কেৱল কংগ্ৰেছৰ বাবেই নহয়, দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ বাবেও ভয়ংকৰ আঘাত। ৰাহুল গান্ধীয়ে কয় যে আজি দেশত গণতন্ত্ৰ নাই। কংগ্ৰেছৰ বিৰুদ্ধে এই কাৰ্য আচলতে মোডী-শ্বাহৰ অপৰাধমূলক কাৰ্য।


আনহাতে, ন্যায়পালিকা, আয়কৰ বিভাগকে ধৰি সাংবিধানিক সংস্থাসমূহলৈ খৰ্গেৰ আবেদন — “যদি আপুনি সঁচাকৈয়ে দেশত মুক্ত, নিকা নিৰ্বাচন বিচাৰে, তেন্তে আমাক বেংক একাউণ্ট ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়ক।” জৰিমনাৰ বিৰুদ্ধে ন্যায়িক হস্তক্ষেপ বিচাৰি দিল্লী উচ্চ ন্যায়ালয়। কিন্তু ন্যায়াধীশ যশৱন্ত ভাৰ্মাৰ বিচাৰপীঠে এই আবেদন নাকচ কৰি কয় যে, “এই বিষয়ত হস্তক্ষেপ কৰাৰ কোনো উচিত কাৰণ আদালতে দেখা নাই।’ অভিযোগৰ পিছতে আয়কৰ বিভাগে ব্যৱস্থা গ্ৰহণ কৰে। একাউণ্টত লেনদেন কাৰ্যকৰীভাৱে বন্ধ কৰা হৈছে। এই প্ৰসংগত ছোনিয়া গান্ধীয়ে বৃহস্পতিবাৰে কয় যে, “মোদীয়ে কংগ্ৰেছক আৰ্থিকভাৱে পংগু কৰিবলৈ চেষ্টা কৰিছে”।




Leave A Reply