Breaking

প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিয়েই ‘পি এম কিষাণ নিধি’ৰ প্ৰথম ফাইলত স্বাক্ষৰ কৰিলে মোদীয়ে…

0 22

তৃতীয়বাৰৰ বাবে সোমবাৰেপ্ৰধানমন্ত্ৰীৰ আসনত বহাৰ পিছতে সক্ৰিয় হৈ পৰে মোদী। একেৰাহে তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ হিচাবে দায়িত্ব গ্ৰহণ কৰিয়েই মোদীয়ে সোমবাৰে ‘পি এম কিষাণ নিধি’ৰ কিস্তি মুকলি কৰাৰ প্ৰথম ফাইলত স্বাক্ষৰ কৰে। এই নিধিৰ জৰিয়তে দেশৰ ৯.৩ কোটি কৃষক উপকৃত হ’ব আৰু কৃষকৰ মাজত প্ৰায় ২০,০০০ কোটি টকা বিতৰণ কৰা হ’ব।চৰকাৰ গঠনৰ পিছত সংসদৰ প্ৰথম অধিৱেশনৰ সময়ত ৰাষ্ট্ৰপতিয়ে দুয়োটা সদনক সম্বোধন কৰি চৰকাৰৰ কাৰ্যসূচী আৰু অহা পাঁচখনৰ বাবে ইয়াৰ দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰিব।

উল্লেখ্য জৱাহৰলাল নেহৰুৰ পিছত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে ঘূৰি অহা তেওঁ দ্বিতীয়জন নেতা হৈছে মোদী।কালি মোদীৰ লগতে অমিত শ্বাহ, ৰাজনাথ সিং, নিৰ্মলা সীতাৰমণ, শিৱৰাজ সিং চৌহান, মনোহৰ লাল খট্টৰকে ধৰি ৭১জন মন্ত্ৰীয়েও শপত গ্ৰহণ কৰিছিল।শেহতীয়া লোকসভা নিৰ্বাচনত মোদী নেতৃত্বাধীন বিজেপিয়ে ২৪০খন আসন লাভ কৰে, যিটো সংখ্যাগৰিষ্ঠতাৰ সংখ্যা ২৭২খনতকৈ বহু কম। তথাপি সহযোগী দলৰ সমৰ্থনত মোদীয়ে পুনৰ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হৈছে।

Leave A Reply