Breaking

২০২৪ চনৰ নিৰ্বাচনৰ পূৰ্বে প্ৰৰোচনাৰ বলি নহ’বলৈ ৰাইজক আহ্বান মোহন ভাগৱতৰ…

0 49

২০২৪ চনৰ নিৰ্বাচনৰ পূৰ্বে দুষ্টামি আৰু প্ৰৰোচনাৰ বলি নহ’বলৈ ৰাইজক আহ্বান মোহন ভাগৱতৰ। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে ৰাইজক সকীয়াই কয় যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত কোনো ধৰণৰ প্ৰৰোচনাৰ বলি নহ’ব। ভোটাৰক আকৰ্ষণ কৰাত ব্যস্ত সকলো ৰাজনৈতিক দল।


নাগপুৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বাৰ্ষিক বিজয়া দশমী উৎসৱ কাৰ্যসূচীত ভাষণ দি মোহন ভাগৱতে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে আৱেগক উচটনি দি ভোট সংগ্ৰহৰ চেষ্টাৰ বিৰুদ্ধে সকীয়াই দিয়ে। দেশৰ ঐক্য, অখণ্ডতা, পৰিচয় আৰু উন্নয়নৰ কথা মনত ৰাখি ৰাইজক ভোট দিবলৈ আহ্বান আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে।

Leave A Reply