Breaking

নৱ বিবাহিত বোৱাৰীক বলাৎকাৰৰ চেষ্টা প্ৰাক্তন আটছা নেতাৰ

0 663

চৰাইদেউ জিলাৰ সোণাৰিৰ সাপেখাতীৰ খাগৰিজান চাহ বাগিচাত মঙলবাৰে সংঘটিত হৈছে এক জঘন্য ঘটনা। মঙলবাৰে পুৱাই খাগৰিজান চাহ বাগিচা লাইনৰ এগৰাকী নৱ বিবাহিত মহিলাই  নিজ গৃহত অকলে থকাৰ সুযোগ গ্ৰহণ কৰি একে লাইনৰে অভিযুক্ত ৰিকি তুৰী ওৰফে ভাগিৰথ তুৰী নামৰ এজন প্ৰাক্তন আটছা নেতাই অসৎ কাৰ্য পূৰণৰ চেষ্টা চলায়। উপায়হীন হৈ মহিলাগৰাকীয়ে চিঞৰ–বাখৰ কৰাত কথমপি ৰক্ষা পৰে মহিলাগৰাকী। মহিলাগৰাকীৰ চিঞৰ–বাখৰ শুনি লাইনৰ বাকী শ্ৰমিকসকল ওলাই অহাত ঘটনাস্থলীৰ পৰা পলায়ন কৰে অভিযুক্ত প্ৰাক্তন আটছা নেতা ৰিকিয়ে৷ সম্প্ৰতি পলাতক হৈ আছে অভিযুক্ত ৰিকি তুৰী ।

আনহাতে, পূৰ্বেও ৰিকি তুৰীয়ে এগৰাকী নাবালিকাৰ লগতে এগৰাকী যুৱতীক ধৰ্ষণ কৰি জে’ল হাজোতলৈ গৈ জামিনত মুক্তি লাভ কৰিছে । এই লম্পট চৰিত্ৰৰ ৰিকিক গ্ৰেপ্তাৰৰ দাবীত সাপেখাতী আৰক্ষী থানাত উপস্থিত হয় শতাধিক শ্ৰমিক৷ ইতিমধ্যে ভুক্তভোগী মহিলাগৰাকীয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত সাপেখাতী আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ।

Leave A Reply