Breaking

তিনি দিনত MONEY DOUBLE! ১ লাখ ১০ হাজাৰ দি পালে উকা কাগজৰ টোপোলা! প্ৰবঞ্চক চক্ৰৰ কৱলত পৰি চৰম সিদ্ধান্ত ল’লে এজন যুৱকে

0 203

ধিঙৰ শ’লগুৰি টুপৰ গুলজাৰ হুছেইন নামৰ এইজন যুৱকে চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে৷ অভিযোগ অনুসৰি, একেখন গাঁৱৰে প্ৰৱঞ্চক যুৱক ইজাজুল হ’কে প্ৰায় দুমাহ ধৰি টকা দিলে দুগুন কৰি দিয়াৰ প্ৰলোভন দি আহিছিল৷

প্ৰৱঞ্চক ইজাজুলৰ কথাত ভুল গৈ যুৱকজনে পৰিয়ালৰ পৰিয়ালৰ লোকৰ পৰা ধাৰ ঋণ কৰি নগদ একলাখ দহ হাজাৰ টকা জমা কৰে। আৰু সেই একলাখ দহ হাজাৰ টকাসহ গুলজাৰক লগত লৈ প্ৰৱঞ্চক ইজাজুলে মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ এটা প্ৰবঞ্চকৰ দলৰ ওচৰলৈ গৈছিল যোৱা সোমবাৰে৷

কিন্ত তাত উপস্থিত হৈয়ে গুলজাৰৰ সন্দেহ ঘণিভূত হোৱাত প্ৰবঞ্চকৰ দলটোক তেওঁ মাত্ৰ ২০ হাজাৰ টকাহে দিবলৈ মান্তি হৈছিল৷ গুলজাৰে বাকী ৯০ হাজাৰ টকা দিবলৈ অমান্তি হোৱাত প্ৰৱঞ্চকৰ দলেটোৱে গুলজাৰক ঘেৰি ধৰি উদ্যত মাৰণাস্ত্ৰ দেখুৱাই ভয় ভাবুকিৰে ইজাজুলৰ পৰা এক লাখ দহ হাজাৰ টকা কাঢ়ি ৰাখি এটা টোপোলা পেকিং কৰি কয়, এই টোপোলাটো তিনিদিনৰ পিছত খুলিলে তেওঁ ২লাখ ২০হেজাৰ টকা লাভ কৰিব বুলি কৈ উভতাই পঠিয়াই দিয়ে৷

সেই মতেই গুলজাৰে তিনিদিনৰ মুৰত টুপোলাটো খুলি চোৱাত দেখে টকাৰ দৰে বান্ধি থোৱা সকলো বগা কাগজহে। লগে লগে যেন গুলজাৰৰ মুৰত সৰগ ভাগি পৰে; আৰু প্ৰবঞ্চক ইজাজুলৰ লগত তৰ্কা তৰ্কি কৰি তেওঁৰ পাল্চাৰ বাইক খনো জব্দ কৰি ৰাখে গুলজাৰৰ পৰিয়ালে৷

কিন্তু ধাৰ ঋণ কৰি টকা যোগাৰ কৰা গুলজাৰে নিৰুপায় হৈ যোৱা কালি নিজ ঘৰতে চিপ লৈ চৰম সিদ্ধান্ত লয়৷ এই ঘটনা পোহৰলৈ অহাত সম্প্ৰতি সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্য অব্যাহত আছে৷ গুলজাৰৰ পৰিয়ালে এতিয়া ন্যায় বিচাৰি কাষ চাপিছে ধিং আৰক্ষীৰ৷ ধিং আৰক্ষীয়ে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব৷

Leave A Reply