Breaking

আজিৰে পৰা লোকসভা–ৰাজ্যসভাৰ বর্ষাকালীন অধিৱেশন

0 27

আজিৰে পৰা সংসদৰ বর্ষাকালীন অধিৱেশনৰ পূর্বে দেওবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হয় সর্বদলীয় বৈঠক৷ এই বৈঠকত অংশগ্রহণ কৰে ৩৩টা দলৰ ৪০গৰাকীকৈ অধিক নেতাই৷ সংসদীয় পৰিক্রমা মন্ত্রী প্রহ্লাদ যোশীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে এই কথা৷ সর্বদলীয় বৈঠকত অংশগ্রহণ কৰি প্রধানমন্ত্রীগৰাকীয়ে কয় যে সকলো প্রতিনিধিৰেই পৰামর্শ মূল্যৱান৷ বিৰোধী দলৰ প্রতিনিধিসকলৰ বহুমূলীয়া পৰামর্শ সংসদৰ বাবে গ্রহণযোগ্য৷

লক্ষণীয়ভাৱে সর্বদলীয় বৈঠকত অংশগ্রহণৰ পাছত ছ’চিয়েল মিডিয়া টুইটাৰযোগে মোদীয়ে উল্লেখ কৰে যে বর্ষাকালীন অধিৱেশনত সকলো ইতিবাচকভাৱে আগবঢ়াটো চৰকাৰে বিচাৰে৷ সুস্থ আৰু ফলপ্রসূ বিতর্কৰ সংসদত প্রয়োজন বুলি উল্লেখ কৰি গঠনমূলকভাৱে প্রতিনিধিসকলে এই অধিৱেশনৰ কাম–কাজ আগবঢ়াই লৈ যোৱাত সহযোগ কৰা উচিত৷

লক্ষণীয়ভাৱে লোকসভাৰ অধ্যক্ষ ওম বিৰলায়ো দেওবাৰে সর্বদলীয় বৈঠকত অংশগ্রহণ কৰা বিভিন্ন দলৰ নেতাৰ সৈতে মিলিত হয়৷ কেন্দ্রীয় চৰকাৰে বর্ষাকালীন অধিৱেশন ফলপ্রসূ আৰু সফল হ’ব বুলি আশা প্রকাশ কৰিছে যদিও বিৰোধী দলসমূহে বিভিন্ন বিষয় লৈ চৰকাৰক শ’লঠেকত পেলাবলৈ প্রচেষ্টা চলাইছে৷ লক্ষণীয়ভাৱে পেট্র’ল–ডিজেলৰ মুল্যবৃদ্ধি আৰু ক’ভিড–১৯ৰ মোকাবিলাৰ ক্ষেত্রত ভুল নীতি, ভেকচিনৰ নাটনি আদি বিষয় লৈ বিৰোধী দলসমূহে বর্ষাকালীন অধিৱেশন উত্তপ্ত কৰিব বুলি বিভিন্ন মহলে ধাৰণা কৰিছে৷

ইফালে সংসদৰ এই গুৰুত্বপূর্ণ অধিৱেশনৰ সময়ত তিনি কৃষি আইন প্রত্যাহাৰৰ দাবীত বিভিন্ন কৃষক সংগঠনে সংসদৰ বাহিৰত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিব পাৰে বুলি ইতিমধ্যে আশংকা ব্যক্ত কৰিছে প্রশাসনে৷ অধিৱেশনৰ পূর্বে কৃষকৰ প্রতিবাদৰ বিষয়টোৰ প্রতি নজৰ ৰাখি দিল্লীত সাতটাকৈ মেট্র’ ৰে’ল ষ্টেচনত চোকা নজৰ ৰাখিছে আৰক্ষী তথা নিৰাপত্তা বাহিনীয়ে৷ গৃহ বিভাগৰ এক সূত্রই সদৰী কৰা অনুসৰি সংসদ ভৱনৰ সমীপৰ এই ৰে’ল ষ্টেচনকেইটা বন্ধ কৰি দিয়া হ’ব পাৰে অধিৱেশনৰ সময়ছোৱাত৷ যদিহে কৃষকৰ প্রতিবাদে সংঘর্ষৰ ৰূপ লয়, তেন্তে এই ষ্টেচনকেইটা বন্ধ কৰি দি দিল্লীত কৃষকৰ প্রৱেশত নিষেধাজ্ঞা আৰোপ কৰা হ’ব৷

ইতিমধ্যে দিল্লী মেট্র’ ৰে’ল কর্প’ৰেচন কর্তৃপক্ষক ৰে’ল ষ্টেচনকেইটাক সতর্ক বাণী জাৰি কৰিবলৈ নির্দেশ দিছে৷ লক্ষণীয়ভাৱে কৃষক নেতাসকলে সংসদৰ বাহিৰত প্রতিবাদ কৰাৰ অনুমতি লাভ কৰিছে নে নাই, সেই সন্দর্ভত কোনো তথ্য সদৰী কৰা নাই যদিও শান্তিপূর্ণ প্রতিবাদী কার্যসূচী গ্রহণ কৰিব বুলি ঘোষণা কৰিছে৷ বর্ষাকালীন অধিৱেশনৰ পূর্বে যিকেইটা মেট্র’ ৰে’ল ষ্টেচনত কঠোৰ নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে সেই ষ্টেচনকেইটা হৈছে জনপথ, লোক কল্যাণ মার্গ, পেটেল চ’ক, ৰাজীৱ চ’ক, কেন্দ্রীয় সচিবালয়, মাণ্ডি হাউছ আৰু উদ্যোগ ভৱন৷ ৪০টাতকৈ অধিক কৃষক সংগঠনৰ উমৈহতীয়া মঞ্চত সংযুক্ত কিষাণ মর্চাই উল্লেখ কৰা অনুসৰি বর্ষাকালীন অধিৱেশনৰ প্রতিটো দিনতে সংসদ ভৱনৰ বাহিৰত ২০০গৰাকীকৈ কৃষকে শান্তিপূর্ণ প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰিব৷

ইফালে কালি দিল্লী আৰক্ষীৰ সৈতে কৃষকৰ এক প্রতিনিধি দলে মিলিত হৈ প্রতিবাদী কার্যসূচীৰ সবিশেষ তথ্য জনায় যদিও সংবাদ মাধ্যমক সেয়া অৱগত কৰা হোৱা নাই৷ প্রধানমন্ত্রী মোদীয়ে সর্বদলীয় বৈঠকত সুস্থ আৰু গঠনমূলক বিতর্কৰ বাবে সকলোকে আহ্বান জনাইছে যদিও কেইবাটাও বিৰোধী দলে কৃষকৰ বিষয় লৈ সংসদৰ অধিৱেশন স্থগিতকৰণৰ জাননী জাৰি কৰিব বুলি ঘোষণা কৰিছে৷ এই বিৰোধী দলকেইটা হৈছে কংগ্রেছ, তৃণমূল কংগ্রেছ (টি এম চি), চি পি আই (এম), চি পি আই, আই ইউ এম এল, আৰ এছ পি, শিৱসেনা আৰু আপ৷ সর্বদলীয় বৈঠকৰ পাছতে এই দলকেইটাৰ প্রতিনিধিয়ে এক বৈঠকত মিলিত হয়৷ সংসদৰ উভয় সদনত এই বিৰোধী দলকেইটাই কাম–কাজ স্থগিতকৰণৰ বাবে জাননী জাৰি কৰিব বুলি ঘোষণা কৰিছে আৰ এছ পিৰ নেতা এম কে প্রেমাচন্দনে৷ বিশেষকৈ তিনি কৃষি আইন প্রত্যাহাৰৰ দাবীত দীর্ঘদিন ধৰি কৃষকসকলে যি আন্দোলন চলাই আছে, সেই বিষয়টোক গুৰুত্ব প্রদান কৰি বিৰোধী দলসমূহে সংসদৰ উভয় সদনত উত্তপ্ত কৰাৰ সংকল্প গ্রহণ কৰিছে৷ উল্লেখনীয় যে সংসদৰ বর্ষাকালীন অধিৱেশন কাইলৈৰ পৰা ১৩ আগষ্টলৈকে চলিব৷

Leave A Reply