Breaking

জোনাইত ভয়াৱহ অগ্নিকাণ্ডত জাহ গ’ল দহ লক্ষাধিকৰো অধিক সা-সম্পত্তি…

0 51

জোনাইত ভয়াৱহ অগ্নিকাণ্ড। অগ্নিকাণ্ডত জাহ গ’ল দহ লক্ষাধিকৰো অধিক সা-সম্পত্তি।
শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ পৰিয়ালৰ।

ধেমাজি জিলাৰ জোনাই মহকুমাৰ ২ নং চিকাৰী গাঁৱত আজি এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়।
জানিব পৰা মতে আজি প্ৰায় দুপৰীয়া ১২.৩০ বজাত ২নং চিকাৰী গাঁৱৰ নিবাসী পদ্মনাথ মিলিৰ
বাসগৃহত ঘৰৰ কোনো লোক নথকা অৱস্থাত জুইৰ সূত্ৰপাত হৈ পাকঘৰ আৰু ধানৰ ভৰাঁলৰ লগতে মূল ঘৰটো নিমিষতে সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

অগ্নিকাণ্ডৰ ফলত পৰিয়ালটোৰ সকলো প্ৰয়োজনীয় নথি-পত্ৰ, সমস্ত সা-সম্পত্তি জ্বলি ছাই হৈ যায়। গাঁৱৰ ৰাইজে জুই নুমুৱাবলৈ আপ্ৰাণ চেষ্টা চলাই যদিও সক্ষম ন’হল জুই নুমাবলৈ। শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ স্থানীয় ৰাইজৰ৷

অগ্নিকাণ্ডত দহ লক্ষ্যধিকৰো অধিক সা-সম্পত্তি সম্পূৰ্ণৰূপে ভস্মীভূত হয়। খবৰ ভিত্তিত অগ্নিকাণ্ড সংঘটিত হোৱা সন্দৰ্ভত জোনাই আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী ঘটনা স্থলীত উপস্থিত হয় যদিও ইতিমধ্যে অগ্নিকাণ্ডত সকলো সা-সম্পত্তি ভস্মীভূত হৈ যায়।

Leave A Reply