Breaking

মানিকপুৰত বানপানীৰ কবলত কুৰি খনৰো অধিক গাঁও, বিপদসংকুল অৱস্থাত মথাউৰি

0 95



কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত আই আৰু মানাহ নদীৰ বাঢ়নী পানীয়ে উত্তৰ অভয়াপুৰী সমষ্টিৰ কেইবাখনো গাওঁ বুৰাই পেলাইছে।

বিশেষকৈ মানিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৪নং,৫নং বাশবাৰী, ভাণ্ডাৰা, বালাৰপেট, টেনটনপুৰ, কাহীবাৰী, বাংলাপাৰা, নাম্বাৰপাৰা আদি কৰি কুৰি খনৰো অধিক গাঁও জলমগ্ন হৈ পৰিছে।

সংকটজনক অৱস্থাত আছে বালাৰপেট বাশবাৰী আই নদীৰ মথাউৰি। ইফালে ডাঙাইগাও কীৰ্ত্তন পাৰা সংযোগী সংযোগী পকী পথৰ ওপৰেদি বাগৰিছে পানী।

প্লাৱিত হৈছে ন ন অঞ্চল। আতংকময় হৈ আছে নৈ পৰীয়া অঞ্চলৰ মানুহ। উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতেন খন্দকাৰে বান পৰিস্থিতি বুজ লয় আৰু বিভাগীয় মন্ত্ৰীয়ে তেওঁক বান গৰাখহনীয়া প্ৰতিৰোধৰ আশ্বাস দিয়াৰ কথা উল্লেখ কৰে।

-মফিদুল ইছলাম, মাণিকপুৰ

Leave A Reply