Breaking

২০০তকৈও অধিক ভূমিকম্পই জোকাৰিলে টাইৱানক…

0 18

এটা-দুটা নহয়, ২০০ কৈও অধিক ভূমিকম্পই জোকাৰিলে টাইৱানক। বিগত দুটা দিনৰ ভিতৰত টাইৱানত ইটোৰ পিঠত সিটো ভূমিকম্প আহি আছে। কিন্তু সুখৰ কথাটো এয়াই ভূমিকম্কেপৰ ফলত কেৱল সামান্য ক্ষতিহে হৈছে। কোনো স্থানৰ পৰা কোনো লোক হতাহত হোৱাৰো খবৰ পোৱা হোৱা নাই।

উত্তৰ, পূব আৰু পশ্চিম টাইৱানৰ বৃহৎ অংশৰ অট্টালিকা কিছুমান হাউলি পৰা পৰিলক্ষিত হৈছে। টাইৱানত হোৱা আটাইতকৈ ডাঙৰ ভূমিকম্পটোৰ মাত্ৰা আছিল ৬.৩ প্ৰাবল্য। ৩ এপ্ৰিলত হুয়ালিয়েনত হোৱা ৭.২ প্ৰাবল্যৰ ভূমিকম্পৰ পিছত ১,০০০ তকৈও অধিক আফটাৰশ্বক টাইৱানত অনুভূত হৈছিল। টাইৱানত ২৩ এপ্ৰিলতো কেইবা ডজন ভূমিকম্পৰ জোকাৰণি অনুভূত হয়।

চৰকাৰে কৈছে যে এয়া দুসপ্তাহত পূৰ্বে দ্বীপটোত হোৱা শক্তিশালী ভূমিকম্পৰ আফটাৰশ্বক । আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপে অবিৰতভাবে ভূমিকম্পৰ মাত্ৰা জুখি গৈছে। ৰাজধানী টাইপেইত থকা লোকসকলৰ বাবে দুটা নিশা অনিদ্ৰাৰ নিশা হিচাবে পাৰ হৈছে। কেন্দ্ৰীয় বতৰ বিভাগে কৈছে যে দুদিনত ২০০ তকৈও অধিক ভূমিকম্প ৰেকৰ্ড কৰা হৈছে।

Leave A Reply